হামৰেণত সেনাই নিৰ্মাণ কৰা বজাৰ গৃহ উপহাৰ দিলে ৰাইজক

খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি ভূমিত সেনাই জনসাধৰণক সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰি সেৱা আগবঢ়াই যোৱাৰ লগতে সমাজৰ উন্নয়নৰ বাবে কাম কৰা পৰিলক্ষিত হৈছে৷ জিলাখনৰ ভিন্ন প্ৰান্তত উন্নয়নমূলক কাম কৰি অহাৰ মাজতে ভাৰতীয় সেনাই সদ্ভাৱনা পুঁজিৰ ধনেৰে পাহাৰীয়া অঞ্চল তথা পশ্চিম কাৰ্বি আংলঙৰ দুৰ্গম হামৰেণ চহৰত এটি বজাৰ গৃহ নিৰ্মাণ কৰে।

হামৰেণ চহৰৰ সাপ্তাহিক বজাৰত ক্রেতা আৰু বিক্রেতাই সন্মূখীন হৈ অহা বজাৰগৃহৰ সমস্যা দূৰীকৰণৰ উদ্দেশ্যে এটি বজাৰগৃহ নিৰ্মাণ কৰি ৰাইজক উপহাৰ দিয়ে৷ কাৰ্বি আংলঙৰ বিভিন্ন এলেকাত ভাৰতীয় সেনাৰ সদ্ভাৱনা পুঁজিৰ ধনেৰে কেইবাখনো বিদ্যালয়ৰ শ্ৰেণী কোঠা, ৰান্ধনী গৃহ, শৌচালয়, প্ৰস্ৰাৱগাৰ, চাৰিসীমাৰ দেৱাল, মুল প্ৰবেশদ্বাৰ, পানীটেংকী আদি নিৰ্মাণৰ কাম ভাৰতীয় সেনাৰ হামৰেণ ৰেড হৰ্ণ ডিভিজনে ইতিমধ্যে নিৰ্মাণ কৰি পাহাৰীয়া জিলা খনত আগুৱাই নিয়াত গুৰুত্ব প্ৰদান কৰা দেখা যায়।

হামৰেণ বজাৰগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে শনিবাৰে উদ্বোধন কৰা হয়৷ হামৰেণ চহৰ সমিতিৰ বিষয়-ববীয়া, ৰেড হৰ্ণ ডিভিজনৰ বিষয়-ববীয়া তথা অঞ্চলটোৰ কেইবাশতাধিক লোকৰ উপস্থিতিত শনিবাৰে বজাৰ গৃহ উদ্ধোধন কৰা হয়।

দুৰ্গম অঞ্চলটোত সেনাবাহিনীয়ে বজাৰগৃহ নিৰ্মাণ কৰি ৰাইজৰ সমস্যা দূৰ কৰাৰ চেষ্টা চলোৱাত সেনাবাহিনীক ভূয়সী প্ৰশংসা কৰে অঞ্চলবাসীয়ে৷ উল্লেখ যোগ্য যে, কিছুদিন পূৰ্বে উলুকুঞ্চিস্থিত আমৰি উচ্চ-মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে চাইকেল-ষ্টেণ্ড আৰু শৌচালয় নিৰ্মাণ কৰি ভাৰতীয় সেনাৰ হামৰেণ ৰেড হৰ্ণ ডিভিজনে ছাত্ৰ-ছাত্ৰীক উপহাৰ দিছিল৷