নিৰ্মাণ হ’ব শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ প্রতিমূৰ্তি

গৌৰীসাগৰঃ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ আৱক্ষ প্রতিমূৰ্তি নিৰ্মাণ কৰিব কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতি, দিখৌমুখ আঞ্চলিক ছাত্র সন্থা আৰু দিখৌমুখ প্রেছ ক্লাৱে৷ শ্বহিদ সাংবাদিক কমলা শইকীয়াৰ জন্মস্থান দিখৌমুখত স্থাপন কৰা হ’ব আৱক্ষ প্রতিমূৰ্তি৷ প্রখ্যাত শিল্পী বিৰেণ সিংহই প্রথম শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ অৱক্ষ প্রতিমূৰ্তি নিৰ্মাণৰ দ্বায়িত্ব লয় শনিবাৰে৷ অসমৰ প্রথমজন শ্বহীদ সাংবাদিক আছিল কমলা শইকীয়া৷

১৯৯১ চনত বিদ্ৰোহী সংগঠনে গুলীয়াই হত্যা কৰিছিল স্পষ্টবাদী, নিৰ্ভীক সাংবাদিকগৰাকীক৷ কিন্তু আজিও ধৰা নপৰিল কমলা শইকীয়াক গুলীৰে থকা সৰকা কৰা অপৰাধী৷ কমলা শইকীয়াৰ জন্মস্থান দিখৌমুখ গায়েন গাঁৱত আছে তেওৰ সমাধি ক্ষেত্র শান্তিবন৷ সাংবাদিকগৰাকীৰ নাছিল কোনো আৱক্ষ প্রতিমূৰ্তি৷অসমৰ প্রখ্যাত শিল্পী বিৰেণ সিংহক সাংবাদিকগৰাকীৰ প্রতিমূৰ্তি নিৰ্মাণৰ দ্বায়িত্ব প্রদান কৰা হয়৷

জানুৱাৰী মাহৰ প্রথম সপ্তাহতে নিৰ্মাণ কাম শেষ হ'ব বুলি জানিবলৈ দিয়ে কমলা শইকীয়াৰ স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিদ্যুৎ বিকাশ বৰুৱা আৰু সভাপতি বাণীকান্ত শইকীয়াই৷ দিখৌমুখৰ ভৰলুৱা তিনি আলিত প্রতিমূৰ্তি নিৰ্মাণৰ বাবে ব্যৱস্থা সমিতিৰ বিষয়ববীয়া সকলে, শিল্পী বিৰন সিংহই মূৰ্তি নিৰ্মানৰ স্থান পৰদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে৷