গোলাঘাট জিলা কাৰাগাৰত মাস্ক আৰু হেণ্ডৱাছ বিতৰণ মাৰোৱাৰী সংগঠনৰ

গোলাঘাটঃ  গোলাঘাট মাৰোৱাৰী সন্মিলনৰ অন্তৰ্গত মহেশ্বৰী সভা আৰু মহেশ্বৰী যুৱ সংগঠনৰ কৰ্মকৰ্তাসকলে  আজি জিলা কাৰাগাৰত উপস্থিত হৈ  কাৰাবন্দী আৰু কাৰাগাৰ কৰ্মচাৰী সকলৰ বাবে চাৰিশ মাস্ক আৰু হেণ্ডৱাছ বিতৰণ কৰে।

মাৰোৱাৰী সংগঠনৰ এই কাৰ্যৰ শলাগ লয় গোলাঘাট জিলা কাৰাগাৰ অধীক্ষক মুনীন্দ্ৰ শৰ্মা আৰু জেইলাৰ জ্যোতি প্ৰসাদ ডেকাই। মাস্ক আৰু হেণ্ডৱাছ বিতৰণ কাৰ্যসূচী‌ত উপস্থিত থাকে পৱন বাহেতী,  পংকজ চান্দক, কৃষ্ণা লাখৌটিয়া,  গৌৰী শংকৰ ৰাথী,  অমিত নাগৰী আদি।

গোলাঘাটৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ