
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
ধিংঃ ধিঙৰ অাহোম গাঁৱত জব্দ হৈছে বৃহৎ পৰিমাণৰ চোৰাং মিঠাতেল৷ আজি ধিং অাৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ মিঠাতেল খিনি জব্দ কৰিবলৈ সক্ষম হয়৷
অাহোম গাঁৱৰ অাশিক ৰহমানৰ ঘৰৰ পৰা অাৰু বেচামাৰী ৰাহুল অামিনৰ এটা পুখুৰীৰ পৰা প্ৰায় ৫০০০ পাচ হাজাৰ লিটাৰ মিঠা তেল জব্দ কৰে।
অৱশ্যে বৰ্তমানলৈকে ঘটনাৰ লগত জড়িত কোনো লোকক অাটক কৰিবলৈ সক্ষম হোৱা নাই ধিং অাৰক্ষীয়ে।