
চাবুৱাঃ ৰাজ্যত মদ, জুৱা, ধপাতৰ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা অঞ্চলত ড্ৰাগছ-গাঞ্জাৰ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷
কেন্দ্ৰীয়, ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে তেনে সময়তে চাবুৱা চহৰৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছে কোঙা কৰি পেলাইছে অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷
ডিব্ৰুগড় জিলাৰ বৃহত্তৰ চাবুৱা অঞ্চলতো গাঞ্জা আৰু ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই এক বিবৃতি যোগে চাবুৱা নগৰৰ চাবুৱা বিভিন্ন ঠাইত এতিয়া কমবয়সীয়া যুৱকে গাঞ্জা সেৱন কৰি মাতল হোৱাৰ অভিযোগ উত্থাপন কৰে।
অঞ্চলটোৰ বিশেষকৈ চাহ বাগান এলেকাত দিনে নিশাই একাংশ ১৫-২২ বছৰীয়া যুৱকে গাঞ্জা আৰু ড্ৰাগছ সেৱন কৰি থকা পৰিলক্ষিত হোৱা বুলি কয়৷ পৰিৱেশ কলুষিত কৰা যুৱকসকলক মূল পথলৈ ঘুৰাই আনিবলৈ প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই৷ ড্ৰাগছ আৰু গাঞ্জাৰ বিক্ৰী কৰি ধন ঘটা ব্যৱসায়ীসকলোকো আটক কৰৰা দাবী জনায়৷