এসাঁজ খাবলৈ পােৱাৰ স্বাৰ্থত, এযোৰ কাপোৰ পিন্ধিবলৈ পোৱাৰ স্বাৰ্থত...

গুৱাহাটীঃ পুঁজিপতিৰ হাতোৰাত বন্দী শ্ৰমিকৰ ভৱিষ্যতক লৈ বিশ্বৰ বিভিন্ন শ্ৰমিক সংগঠনে সৰৱ হৈ আহিছে৷ বিশ্বৰ খাতিখোৱা শ্ৰমিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহাৰ ইতিহাস আজিৰ নহয়৷ যুগ যুগ ধৰি খাতিখোৱা শ্ৰমিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ কপালৰ ঘাম মাটিত পেলাই দিনৰ দিনটো শ্ৰম কৰা শ্ৰমিকসলে নিজৰ ঘৰখন-পৰিয়ালটো চলাবলৈ সামৰ্থ নোহোৱাৰ ফলত কামৰ বিপৰীতে উচিত মজুৰি বিচাৰি আহিছে৷ 

কিন্তু শ্ৰমিকে কাম কৰাৰ বিনিময়ত উচিত মজুৰি কােনো কালে লাভ কৰা নাই বুলি শ্ৰমিকে অভিযোগ উত্থাপন কৰি আহিছে৷ যাৰ ফল স্বৰূপে শ্ৰমিকসকলে বিভিন্ন সময়ত নিজ অধিকাৰৰ বাবে যুঁজ দিব লগা হৈছে৷ শ্ৰমিকৰ যুঁজ খনৰ ইতিহাস আৰম্ভ হৈছিল ১৮৮৬ চনত৷ যেতিয়া যুক্তৰাষ্টৰ শ্ৰমিকক অন্যায়-অবিচাৰ কৰা হৈছিল তেতিয়াই শ্ৰমিকৰ ক্ষোভৰ উকমুকণি আৰম্ভ হৈছিল৷ 

শ্ৰম কৰাৰ সময় চমু কৰাৰ দাবীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ ৰাজ পথলৈ ওলাই আহিছিল শ্ৰমিকসকল৷ সিদিনা আছিল ১৮৮৬ চনৰ ১ মে’৷ যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক শ্বহীদ হয়৷ তেতিয়াৰ পৰাই ০১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বই৷ আমাৰ অসমতো বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱস পালন কৰা হৈছে৷

এই দিনটোক শ্ৰদ্ধা কৰে শ্ৰমিকসকলে৷ এই দিনটোক বিশেষ ভাবে গ্ৰহণ কৰে শ্ৰমিকসৰলে৷ এই দিনটো ওচৰ চাপিলে বুকু কঁপি উঠে শ্ৰমিকৰ৷ কিয়নো এই দিনটোৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ স্বাধীনতা আৰু ন্যায়ৰ দাবী উত্থাপনৰ ইতিহাস৷ দিনৰ দিনটো কাম কৰাৰ বিনিময়ত এসাজ ভাত খাবলৈ নোপোৱাৰ মৰ্মবেদনাৰ হকে মাত দিবলৈ শ্ৰমিক সকলৰ জগাই তুলিছিল এই দিনটোৱে৷ 

মালিক পক্ষই শ্ৰমিকৰ হাড়ভগা পৰিশ্ৰমৰ জৰিয়তে টকাৰ পাহাৰ বনাই যদিও শ্ৰমিকসকলে ৰোগৰ চিকিৎসা, সন্তানৰ শিক্ষা, থাকিবলৈ ঘৰ, লজ্জা নিবাৰণৰ বাবে বস্ত্ৰ, ভাতসাজ খাবলৈ নাপায়৷ যাৰ বাবে কামৰ বিনিময়ত উচিত মজুৰি দিয়াৰ দাবীত বিশ্বৰ শ্ৰমিকে এক মে’ৰ দিনটো কামৰ পৰা ছুটিলৈ অধিকাৰৰ হকে কণ্ঠ নিগৰাই শ্ল’গান দিয়ে৷ 

দৰিদ্ৰতাই কোঙা কৰি ৰখা শ্ৰমিকসকলক মালিকে উদ্যোগত সদায় বন্দী কৰি ৰাখিব খোজে৷ পুৱাৰে পৰা দুভাগ নিশালৈকে হাড়ভঙা পৰিশ্ৰম কৰি এসাঁজ খাবলৈ পােৱাৰ স্বাৰ্থত নতুবা এযোৰ কাপোৰ পিন্ধিবলৈ পোৱাৰ স্বাৰ্থত জীৱনটোকে সমাপ্ত কৰে৷ শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগে প্ৰতিদিনে৷ আজিও বহু শ্ৰমিকে দিনে গড়ে প্ৰায় ১০-১২ ঘণ্টা আৰু সম্পূৰ্ণ সপ্তাহটোৱে কাম কৰিব লগা হয়। 

কিন্তু তাৰ বিপৰীতে লাভ কৰে নগণ্য মজুৰি৷ শ্ৰমিকসকলে অতি অসহায় জীৱন যাপন কৰাৰ ফলতে সমগ্ৰ বিশ্বতে শ্ৰমিক দিৱসে বিশেষ তাৎপৰ্য লাভ কৰি আহিছে৷ শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰা, চিকিৎসা ব্যৱস্থা কৰা, পাৰিশ্ৰমিক বৃদ্ধি কৰা, বিমাৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও দেশৰ কোনো আইনে চৰকাৰী-বেচৰকাৰী শ্ৰমিকক এই ন্যায় প্ৰদান কৰিব পৰা নাই৷