মায়ামৰা সমাজৰ অধিৱেশনৰ সামৰণি, মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ডুমডুমাঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত তিনিদিনিয়াকৈ অনষ্ঠিত হৈ থকা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ পঞ্চম সাধাৰণ অধিৱেশনৰ সামৰণি অনুস্থানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া সমাজ জীৱনৰ তিনিগৰাকী মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু অনিৰুদ্ধদেৱৰ আদৰ্শক সাৰোগত কৰি এনাজৰী ধৰি ৰাখিব লাগিব৷ তেওঁ মায়ামৰা সমাজৰ মহাপুৰুষ অনিৰুদ্ধদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত জিলাখনৰ বাৰেকুৰি অঞ্চলৰ ধম হুচৰিৰ আধ্যাত্মিকতাৰ বিষয়ে উল্লেখ কৰে৷

মায়ামৰা সমাজৰ বাবে গ্ৰামীণ বিশ্ববিদ্যালয় খোলাৰ পৰিকল্পনাৰ ক্ষেত্ৰত সকলোধৰণৰ সহায়-সহযোগ আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীজনে৷

অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়ায়ো অংশগ্ৰহণ কৰে৷ অধিৱেশনখনত সভাপতিত্ব কৰে ললিত মৰাণে ৷