ৰাজ্যসভা নিৰ্বাচনত জয়ী হৈ বিজেপিয়ে লাড্ডু খাইছে, উপ-নিৰ্বাচনত পৰাজয় বৰণ কৰি চকুৰে সৰিয়হ ফুল দেখিছেঃমায়াৱতী


 

ডিজিটেল ডেক্সঃ শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনত বহুজন সমাজ পাৰ্টি (বি এছ পি)ৰ প্ৰাৰ্থীজনক ক্ৰছ ভোটিঙৰ জড়িয়তে বিজেপিয়ে পৰাজিত কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মায়াৱতীয়ে৷

নিৰ্বাচনটোত বিজেপিয়ে প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ আৰু চৰকাৰী সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ নেত্ৰীগৰাকীৰ৷ দলৰ এই পৰাজয়ে বি এছ পি আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰতাত কোনো প্ৰভাৱ নেপেলায় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷

♦ বিজেপিয়ে মোৰ মেজাজ গৰম বুলি ভাবিছে আৰু এই পৰাজয়ে বি এছ পি-সমাজবাদী পাৰ্টিৰ মিত্ৰতাত আউল লগাব বুলি ভাবিছে৷ কিন্তু বিজেপিৰ এই কৌশল ফলৱৰ্তী নহ’ব৷ 

ৰাজ্যসভাৰ আসনত জয়ী হৈ বিজেপিয়ে লাড্ডু খাইছে৷ কিন্তু যিমানেই সুস্বাদু মিঠাই নাখাওক, দলটোৱে গোৰখপুৰ আৰু ফুলপুৰ উপনিৰ্বাচনৰ লজ্জাজনক পৰাজয়ৰ তিক্ততা আঁতৰাব নোৱাৰে৷

গোৰখপুৰ আৰু ফুলপুৰৰ ফলাফল বিজেপিৰ বাবে ইমানেই বিস্ফোৰক আছিল যে দলটোৱে চকুৰে সৰিয়হ ফুল দেখি গৈছে, দিনতে আকাশত তৰা দেখিছে৷

কিছুসংখ্যক বিধায়কক গোচৰ আৰু তদন্তৰ ভয় দেখুৱাই ক্ৰছ ভোটিং কৰোৱা হ’ল৷ কিন্তু যি সকলক এনে ভাবুকিয়ে তলাব নোৱাৰিলে, তেওঁলোকক শুভেচ্ছা জনাইছো৷

গোৰখপুৰ আৰু ফুলপুৰৰ ফলাফলক সমগ্ৰ দেশে আদৰণি জনোৱাৰ পাছতো বিজেপিয়ে বেয়া অভ্যাস এৰিব পৰা নাই৷