
নামতিঃ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই-আহোম জনগোষ্ঠীয়ে পালন কৰি আহিছে মে-ডাম-মে-ফি উৎসৱ৷ টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে৷ ধৰ্মীয় সামাজিক উত্সৱৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷
বিশেষ উপাসনাৰ জৰিয়তে সমৃদ্ধি কামনা কৰে৷ মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়৷ প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় মে-ডাম-মে-ফি৷ ৰাইজ একত্ৰিত হৈ এখন আঠচুকীয়া অৰ্থাৎ অস্থায়ী মন্দিৰ সাজি আঠখন মেহেঙা তথা শৰাই স্থাপন কৰি আদি পিতা লেংডন দেৱতাকে ধৰি সকলোৰ বাবে উপাসনা কৰে৷
নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ লগতে সমূহীয়াভাৱে ভোজ দিয়া প্ৰথাৰে আনন্দৰে পালন কৰে৷ মে-ডাম-মে-ফীৰ উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক ব্যস্ত হৈ পৰিছে উজনি অসম৷ উজনি অসমৰ বিভিন্ন ঠাইত মে-ডাম-মে-ফী পালনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ সদৌ তাই আহোম ছাত্ৰ সন্থাই বিভিন্ন ঠাইত পালন কৰিব মে-ডাম-মে-ফী৷ শিৱসাগৰ জিলাৰ বৰুৱা পুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মে-ডাম-মে-ফি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰে অহা ৩১ জানুৱাৰীত নামতি চাৰি আলি খেজুৰিতলৰ স্বর্গদেউ চ্যুকাফা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ'ব৷ ইতিমধ্যে গিৰিণ কুমাৰ গগৈক সভাপতি সদানন্দ গগৈ আৰু পৱন গগৈক কার্যকৰী সভাপতি আৰু হেমন্ত গগৈ, অৰুণ শইকীয়াক যুটীয়া সম্পাদক এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।
আটাছুৰ বৰুৱা পুখুৰী আঞ্চলিকৰ সভাপতি বিশ্বজিত আৰন্ধৰাই পতাকা উত্তোলনে উদ্বোধন কৰিব লগা অনুষ্ঠানটোত বৃক্ষৰোপণ কৰিব সমাজকর্মী চন্দ্র গগৈ, নন্দেশ্বৰ শইকীয়া আৰু অন লুক টাইয়ে। ইয়াৰোপৰি আহোম জনগোষ্ঠীৰ দল-সংগঠনৰ নেতাই অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানত সদৌ অসম মহন দেউধাই বাইলুং সন্মিলনৰ পণ্ডিত পৰিষদে পুৱা ১০ বজাত মে-ডাম-মেফিৰ মূল পূজা সম্পাদন কৰিব। ইয়াৰ পাছতেই ছাত্র-ছাত্রী সকলৰ মাজত চিত্রাংকণ আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হ’ব।