"আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল", মুছলপুৰৰ চিকিৎসালয়

মুছলপুৰঃ "আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল"ৰ লেখিয়া হৈছে ৰাজ্যৰ বহু চিকিৎসালয়৷ এতিয়া বহু চিকিৎসালয় নামতহে কামত হলে নাই৷ সমথাপন কৰিব লাগে বাবে কৰিলে৷ কিন্তু তাৰ পৰিচৰ্যা নকৰিলে চৰকাৰে৷ কিয়নো চৰকাৰ সলনি হোৱাৰ লগে লগে আঁচনিও সলনি হয়৷ পুৰ্বৰ চৰকাৰে কৰি থৈ যোৱা কামবোৰক আন দলে চৰকাৰ গঠন কৰিলে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

১৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত তথা তৰুণ গগৈ মন্ত্ৰী সভাত ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য মন্ত্ৰী হৈ আছিল৷ তদানীন্তন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কেবাখনো প্ৰাথমিক স্বাস্থ কেন্দ্ৰ তথা উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰিছিল৷ আজিও ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ এনে বহু স্বাস্থ্য কেন্দ্ৰ ওলাব৷ কিন্তু চুন-তেল সানি থোৱাই আছে যদিও চিকিৎসকৰ অভাৱত, স্বাস্থ্য কৰ্মীৰ অভাৱত জহি খহি যাব আৰম্ভ কৰিছে প্ৰাথমিক স্বাস্থ কেন্দ্ৰ তথা উপ-স্বাস্থ্য সমূহ।

চিকিৎসালয়ত অত্যাধুনীক চিকিৎসা ব্যৱস্থা উদ্বোধন কৰাৰ সময়তে ৰাজ্যত একাংশ গ্ৰামীন চিকিৎসালয় জহি-খহি যাব ধৰিছে৷ বাক্সা জিলাৰ সোনপুৰতো স্থাপন কৰা হৈছিল সোনপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ। ২০১০ চনতে স্থাপন কৰা চিকিৎসালয় খনত আজিলৈকে নিযুক্তি দিয়া নহল চিকিৎসক, স্বাস্থ্যকৰ্মী। তলাবন্ধ অৱস্থাতে থকা স্বাস্থ্য কেন্দ্ৰটো জহি খহি গল।

দোৱাৰ-খিৰিকী সকলো পচি সৰি নোহোৱা হল। একেদৰে জিলাখনৰ বাটাচাৰাত ২০১৫ চনতে এখন আদৰ্শ চিকিৎসালয় স্থাপন কৰিছিল ৰাজ্য চৰকাৰে৷ বাটাচাৰাৰ আদৰ্শ চিকিৎসালয় খন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ’ল যদিও আজিলৈকে চিকিৎসালয় খনত নিযুক্তি দিয়া নহল চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী। ফলত হাবি জংঘলে আৱৰি ধৰি এতিয়া ভূত বাংলাত পৰিণত হৈছে চিকিৎসালয় খন।

হাবি-জংঘলে আগুৰি ধৰাত জহি খহি যাব ধৰিছে চিকিৎসালয় খন। এতিয়া প্ৰশ্ন হল ৰাজ্যত গ্ৰাম্য অঞ্চলৰ ৰাইজৰ স্বাৰ্থত পুৰ্বৰ চৰকাৰে স্থাপন কৰা চিকিৎসালয় সমূহক বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিবনে। এয়াই লক্ষণীয় হ’ব৷