‘মদ’... জাগিছে অসম, জাগক আপুনি, কাকডোঙাত প্ৰতিবাদী সভা

দেৰগাঁওঃ মদে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে একো একোজন যুৱকক৷ মদে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে একো একোটা পৰিয়ালক৷ একো একোটা পৰিয়াল নিঃশেষ কৰি পেলাই এই মদ নামৰ নিচাযুক্ত দ্ৰব্যই। মদ্যপান কৰাৰ ফলত পথ দুৰ্ঘটনা, হত্যা, লুন্ঠন, গৃহকন্দল, অাত্মহত্যা, ধৰ্ষণৰ কাণ্ডৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷

অসমৰ বিশেষকৈ চাহ বাগিচা অধ্যুষিত এলেকাত মদৰ প্ৰচলন অবাধে হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ ফলত সোমবাৰে কাকডোঙাৰ বৰকাঠনি চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে, সমগ্ৰ অসমত সম্পূৰ্ণৰূপে সুৰা  নিষিদ্ধ কৰাৰ বাবে সংগ্ৰাম অব্যাহত ৰখা মদ মুক্ত দাবী সমিতিৰ কেন্দ্রীয় সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

চাহ বাগিচা সমিতি বীৰাংগনা নাৰী শক্তি দলৰ সহযোগত বৰকাঠনি চাহ বাগিচাৰ মন্দিৰ প্ৰংগনত প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ প্ৰতিবাদী  সভাত মদ মুক্ত দাবী সমিতিৰ কেন্দ্রীয় সভাপতি প্ৰবীন দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমত মদ নিষিদ্ধ কৰাৰ বাবে  চৰকাৰ আৰু দল-সংগঠনৰ সহযোগ কামনা কৰে৷ চাহ বাগিচা এলেকাত মদ আৰু লালি গুৰৰ প্ৰচলন বন্ধ কৰাৰ কঠোৰ পদক্ষেপ গোলাঘাটৰ বৰকাঠনি চাহ বাগিচাৰ পৰাই আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷

সভাত মদ মুক্ত দাবী সমিতিৰ উপদেষ্টা ৰফিৰ হুছেইন, সম্পাদক পুলক ৰঞ্জন গগৈ, বীৰাংগনা নাৰী সমিতিৰ সম্পাদিকা নমিতা হাজৰিকা, সদস্যা চেহনাজ হুছেইন, বাগিচা সমিতিৰ সভাপতি লালি তাঁতী, সম্পাদক পদ্ম কুমাৰ, সমাজকৰ্মী দিলীপ কৰ্মকাৰ, চন্দন বৰঠাকুকে ধৰি শতাধিক পৰুষ-মহিলা উপস্থিত থাকে৷ সভাত বীৰাংগনা নাৰীৰ সমিতিৰ সম্পাদিকা নমিতা হাজৰিকা, মদ মুক্ত দাবী সমিতিৰ জিলাৰ সহকাৰী সম্পাদক মৃদুল বৰা, সাংগঠনিক সম্পাদিকা চেহনাছৰ বেগমৰ লগতে বহুকেইজন ব্যক্তিজন উপস্থিত থাকি সুৰা নিষিদ্ধ কৰাৰ বাবে বাগিচা অঞ্চলৰ ৰাইজক সজাগ আৰু সচেতন হবলৈ আহ্বান জনায়।