কাৰ্বি আংলঙত ভূমিৰ আগ্ৰাসন, অবৈধভাৱে বেদখল সহ্য নকৰে পৰিষদে

খেৰণিঃ গুৱাহাটী মহানগৰীৰ আমচাং আৰু কাৰ্বি আংলং জিলাৰ উচ্ছেদক লৈ ৰাজ্যত চৰ্চা অব্যাহত আছে৷ তাৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত পাৰ্বত্য জিলাৰ ভূমি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’, ভূমি-ৰাজহ বিভাগ আৰু মীন পালন বিভাগৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ, পৰিষদীয় সদস্য প্ৰভাত টাৰ', পৱন কুমাৰ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ডেপুটি চেক্ৰেটাৰী তথা লেণ্ড চেটেলমেণ্ট বিষয়া মাইকেল তিমুং, ডংকামোকাম ৰাজহ চক্ৰ বিষয়া দিলীপ টেৰণৰ উপৰিও ৰাজহচক্ৰটোৰ অধিনৰ মৌজাদাৰ, চৰকাৰী গাওঁবুঢ়াকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে ।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্দেশানুযায়ী বৃহস্পতিবাৰে ডংকামোকামস্থিত শিক্ষা বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক। আলোচনাচক্ৰত জিলাখনৰ অবৈধ লোকৰ বসবাস, আন্তঃজিলা অথবা আন্তঃৰাজ্যিক সীমান্তত হোৱা আগ্ৰাসন, চৰকাৰী আৰু সংৰক্ষিত বনাঞ্চলৰ ভূমিত অবৈধভাৱে হোৱা বেদখল, অনিয়মেৰে প্রদান কৰা ভূমি পট্টা কৰ্তন বা নতুনকৈ প্ৰদান কৰিব লগা ভূমি পট্টা, ভূমি খাজনা সংগ্ৰহ বিষয় সমুহক লৈ সবিস্তাৰে আলোচনা কৰা হয়। ভূমি সম্পৰ্কীয় তথ্য আৰু অন্বেষণৰ ভিত্তিত লাভ কৰা প্রকৃত প্ৰতিবেদন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত দাখিল কৰাৰ বিষয়টোও আলোচনা কৰা হয় এই বৈঠকত।

অনাগত দিনত তথ্য আৰু প্রকৃত প্ৰতিবেদনক ভিত্তি কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে প্ৰয়োজন অনুসাৰে ভূমি পট্টা প্ৰদান কৰা অথবা ভূমি পট্টা কৰ্তন কৰা নাইবা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আদি বিষয়ৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও অৱগত কৰে বিভাগীয় কৰ্তৃপক্ষই। আনহাতে আলোচনাৰ মজিয়াতে ডংকামোকাম ৰাজহ ৰাজহচক্ৰটোৱে বিগত বৰ্ষত কোটি টকাৰো অধিক খাজনা সংগ্রহ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কেৱল ২৯ লাখ টকাহে সংগ্রহ কৰিবলৈ সক্ষম হোৱাটোও এক পৰিতাপৰ বিষয় বুলি কৈ এই ক্ষেত্ৰত বিশেষভাৱে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰটো আলোচনা বৈঠকত উপস্থিত থকা বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰ্বি পৰিষদৰ দলটোৱে।

লগতে কাৰ্বি আংলঙত ভূমিৰ ক্ষেত্ৰত সত্বাধিকাৰী হস্তান্তৰ, ভূমি দান আদিৰ বিষয়সমূহ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক অৱগত কৰোৱাটো বাধ্যতামূলক কৰা হৈছে বুলিও জানিবলৈ দিয়ে পৰিষদীয় দলটোৱে। পৰিষদৰ প্ৰতিনিধি দলটোৱে আগন্তুক সময়ত কাৰ্বি আংলঙত থকা চৰকাৰী গাওঁবুঢ়াসকলৰ মাহিলি দৰমহা বৃদ্ধি কৰিব বুলিও আলোচনাচক্ৰত আশ্বাস প্ৰদান কৰে চৰকাৰী গাওঁবুঢ়াসকলক।