মহিলা গোটৰ বাবে আমাৰ চৰকাৰে ২৫০ কোটি টকা প্ৰদান কৰিছেঃৰিণা

খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মহিলা আত্ম-সহায়ক বিশেষ সভা অনুষ্ঠিত হয়৷ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ ৰংখাং খণ্ডৰ উদ্যোগত অনুষ্ঠিত সভাত ৩০খনতকৈয়ো অধিক মহিলা আত্ম-সহায়ক গোটৰ তিনি শতাধিক মহিলা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ ৰংখাং খণ্ডৰ বিষয়-ববীয়াৰ লগতে কাৰ্বি পৰিষদৰ পৰিষদীয় সদস্য পৱন কুমাৰ, ৰিণা টেৰাংপি, কপিলি পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ হনছিং টেৰাং উপস্থিত থাকে। 

সভাত উপস্থিত থকা মহিলা আত্ম-সহায়ক গোটৰ কৰ্মীবৃন্দক উদ্দেশ্যি পৰিষদীয় আমৰেং সমষ্টিৰ সদস্য ৰিণা টেৰাংপিয়ে কয় যে নাৰী সৱলীকৰণ কৰাই হৈছে আমাৰ চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য। বৰ্তমানৰ চৰকাৰখনে মহিলাসকলক স্বাৱলম্বী-উপাৰ্জনমুখী হোৱাত সহায় কৰাৰ উদ্দেশ্যেৰে মহিলা আত্মসহায়ক গোটৰ বিপৰীতে ২৫০ কোটিৰো অধিক টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। এই ধন বিভিন্ন আচঁনিযোগে মহিলা আত্মসহায়ক গোটসমূহক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰিণা টেৰাংপি। 

বিজেপি চৰকাৰখনে শিপিনীৰ বাবে তাঁত-সূতা বা পশুধন অথবা কৃষি সঁজুলি প্ৰদান কৰা কাৰ্যতে সীমিত নাথাকি কৰ্মক্ষেত্ৰত মহিলা আত্মসহায়ক গোটক আৰু অধিক  শক্তিশালী কৰি তুলিবলৈ আমাৰ চৰকাৰে ভিন্ন স্তৰত মূলধন দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৰিণাই। কপিলি পৰিষদীয় সমষ্টিৰ সদস্য পৱন কুমাৰে মহিলা আত্ম-সহায়ক গোটসমূক চৰকাৰে প্ৰদান কৰা প্রতিটো আচঁনি গ্ৰহণ কৰি চকাৰৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াত সহায় কৰিবলৈ আহ্বান জনায়। 

চৰকাৰে কৰা পৰিকল্পনাৰ সমান্তৰালকৈ যদি মহিলা আত্ম-সহায়ক গোটেও সুপৰিকল্পিতভাৱে নিজৰ কাম-কাজ কৰি যায় তেন্তে নিশ্চিতভাৱে অনাগত দিনত সকলো দিশতে মহিলাসকলে চিঞৰি কব পাৰিব যে নাৰী পুৰুষতকৈ কোনো দিশে কম অথবা পিছপৰা নহয় বুলি।