একত্ৰিত হ’ল কাৰ্বি জনগোষ্ঠীৰ জাতীয় সংগঠন, নাগৰিক সভাৰ জৰিয়তে দোষীক শাস্তি দিয়াৰ দাবী

newsnextone.com | বোকাজানঃ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কাৰ্বি আংলঙৰ জ্যেষ্ঠ নাগৰিকে সোমবাৰে এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷ কাৰ্বি আংলঙৰ ডকমকাৰ পাঞ্জুৰী নামৰ গাঁৱত একাংশ লোকে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ বিৰুদ্ধে নাগৰিক সভা অনুষ্ঠিত কৰি কাৰ্বি আংলংঙ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷

দুই শিল্পী, প্ৰতিভাৱান যুৱকক সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ পিছৰে পৰা কাৰ্বি আংলঙৰ প্রান্তে প্রান্তে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে৷ বোকাজান মহকুমাত বিভিন্ন কাৰ্বি জাতীয় দল-সংগঠনৰ সহযোগত স্থানীয় ৰাইজে শান্তিৰ পৰিবেশ বৰ্তাই ৰাখিবলৈ নাগৰিক সভা অনুষ্ঠিত কৰাৰ লগতে দুৰ্ভগীয়া যুৱকৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰ্থে মৌন প্ৰাৰ্থনা কৰে।

বোকাজান মহকুমাৰ সৰিয়হজানত হাংজাংলাংছ' ক্ৰীড়া সন্থা, কাৰ্বি সাহিত্য সভাৰ হাংজাংলাংছ' শাখা, সৰিয়হজান বজাৰ সমিতি, কৃষক অধিকাৰ সুৰক্ষা সমিতি, নাৰী অধিকাৰ সুৰক্ষা সমিতি, গাঁওবুঢ়া সন্থাৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত কৰে৷ মৰ্মান্তিক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুস্কৃতিকাৰীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়। 

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠক, কাৰ্বি সাহিত্য সভাৰ হাংজাংলাংছ' শাখাৰ সভাপতি বেনছিং টিমুং, কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা কাণ্ঠাৰ বে', সমাজকৰ্মী ৰাজেন ৰংপিয়ে ডকমকা কাণ্ডক সম্প্ৰদায়িক ৰূপ দি ছচিয়েল মাধ্যমত বিতৰ্কিত মন্তব্য নকৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱাৰ লগতে শান্তিকামী ৰাইজে শান্তি বৰ্তাই ৰাখিবলৈ সংগ্ৰাম কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই৷ সোপাধৰা বা তেনেধৰণৰ কোনো অপপ্ৰচাৰত ভোল নগৈ আইন হাতত তুলি লোৱাৰ পৰা বিৰত থাকি আৰক্ষী তথা প্ৰশাসনক অৱগত কৰিবলৈ সকলো ৰাইজলৈ আহ্বান জনায়৷ নাগৰিক সবাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰে৷