ৰঙিয়াৰ কোঠৰাত শৈক্ষিক জাগৰণ সভা

তুলসীবাৰীঃ মধ্য পাণ্ডুৰীৰ শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত বিগত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈ যোৱা গুণোৎসৱৰ ফলাফল পৰ্যালোচনা কৰাৰ বাবে শুকুৰবাৰে খণ্ড সমন্বয়কৰ উপস্থিতিত ১৬ খন বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতিৰ বিষয়-ববীয়া, অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখন শৈক্ষিক জাগৰণ সভা অনুষ্ঠিত হয়৷

সভাত প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলে গুণোৎসৱৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি মত-বিনিময় কৰে। কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ পল্লব শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে চৰকাৰী শিক্ষাব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হোৱাৰ সজাগতাৰ বাবে সকলো পক্ষৰ সহযোগিতা কামনা কৰে৷ সভাত দশম মান শ্ৰেণীৰ ছাত্ৰ অভিজিৎ লহকৰে পৰিবেশন কৰা গীতে প্ৰতিগৰাকী লোকক আপ্লুত কৰে৷ সভাত ৰঙিয়া শিক্ষা খণ্ডৰ সকলো স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া কিতাপ যোগান ধৰাত সহায় কৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জন্মিৰাম বৈশ্যক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে৷