NRCৰ খচৰা, ঢেকীয়াজুলি প্ৰশাসনে বিছাৰিলে ৰাইজৰ সহায়

ঢেকীয়াজুলিঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷

৩১ ডিচেম্বৰত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা খন প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এন আৰ চিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, ঠেলামৰা আদি ৰাজহ চক্ৰ এলেকাত৷ তাৰ মাজতে দেওবাৰে ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাসৰ উপস্থিতিত ঠেলামৰা আৰক্ষী থানাত এখন এন আৰ চি বিষয়ক সভা অনুষ্ঠিত হয়৷

ৰাজহ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাস, আৰক্ষীৰ চক্ৰ বিষয়া শংখ স্বৰ্গীয়াৰী, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ ভূঁঞা, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মনিৰাম নাথ, স্থানীয় পঞ্চায়ত সভাপতি জালালউদ্দিন সহ বহু নেতা উপস্থিত থাকে সভাত৷

বিশিষ্ট সমাজকৰ্মী ডিমচাঁদ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন ছাত্ৰ নেতা প্ৰদীপ নাথৰ লগতে আছু, আমছু, বেংগলী যুৱ ফেডাৰেছন, বজৰং দল, মুছলিম যুৱ পৰিষদ, ভোজপুৰি ছাত্ৰ সন্থা, আটছা, আছা আদি ছাত্ৰ সংগঠনৰ নেতা উপস্থিত থাকে৷

আৰক্ষী চক্ৰ বিষয়া শংখ স্বৰ্গীয়াৰীয়ে এন আৰ চিক লৈ কোনো উৰা বাতৰিক গুৰুত্ব নিদি শান্তি শৃংখলা বজাই ৰাখি প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়৷ সভাত ৰাজহ চক্ৰ বিষয়া লক্ষ্যজ্যোতি ৩১ ডিচেম্বৰত এখন আংশীক এন আৰ চিৰ খচৰাহে প্ৰকাশ কৰা হ’ব৷

যি সকল লোকে প্ৰ-পত্ৰৰ লগত যথাবিহিত ভাবে উপযুক্ত নথি দাখিল কৰিছিল সেইসকলৰ নামহে ইয়াত সন্নিবিষ্ট কৰা হ’ব৷ ইয়াত যি সকলৰ নাম নথি নোহোৱাৰ বাবে বাদ পৰিব পৰবৰ্তি সময়ত তেওঁলোকৰ নাম যথাৰীতি অন্তৰ্ভুক্ত কৰা হ’ব৷ বিষয়াগৰাকীয়ে অতি ৰাইজৰ শান্তিপূৰ্ণ সহযোগিতা কামনা কৰে৷ সভাত সংগঠন সমুহৰ নেতৃত্বই প্ৰশাসনক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷