
তুলসীবাৰী/ৰঙিয়াঃ পঞ্চায়ত নিৰ্বাচনত অনুসূচিত জাতি-জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণ সৰ্ন্দভত ৰঙিয়া মহকুমাধিপতিৰ সভাকক্ষত মঙলবাৰে এখন সভা অনুষ্ঠিত হয়।মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিজেপি, কংগ্ৰেছ, অগপ, এআইইউডিএফ, চিপিআই (এম)কে ধৰি আটাইকেইটা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
সভাত ৰোষ্টাৰ ভিত্তিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ বিষয়ে আলোচনা কৰা হয়।
এই সভাত প্ৰতিনিধি হিচাপে বিজেপিৰ শিশিৰ ভাগৱতী, সুবল পাল, কংগ্ৰেছৰ তাৰিফুল ইছলাম, অগপ প্ৰবল বুজৰবৰুৱা, চিপিআই (এম)ৰ বিবেকানন্দ অধিকাৰী, এআইইউডিএফৰ চামচুল হকৰ উপৰিও বিভাগীৰ নিৰ্বাচনী বিষয়া ৰিপণ জ্যোতি নাথ, ৰঙিয়া মহকুমাৰ গৱেষণা সহকাৰী বিনোদ ৰহাং, কঞাৰ চক্ৰ বিষয়া নয়না বৰা, ৰঙিয়াৰ খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্ত, কমলপুৰৰ ইৰা অধিকাৰী, বিহদিয়া- জাজিকোনাৰ লাচিত দাসে উপস্থিত থাকে।
উক্ত সভাত ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৪০ খন গাঁও পঞ্চায়তৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ গাঁও সদস্য-সদস্যাৰ বাবে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাৰ বাবে আসন সংৰক্ষণৰ তালিকাখন সম্পাদন কৰে৷