পথাৰত আল্ট্ৰা বাছ

ওদালগুৰিঃ ওদালগুৰিৰ বগৰীবাৰীত আল্ট্ৰা বাছৰ আৰ্হিত ৰাইজে সজালে ভেলাঘৰ৷ গাঁৱে-ভূঞে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি।

গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো এতিয়া ব্যস্ত গাঁৱৰ পথাৰত৷ সকলোৱে যেন ব্যস্ত ভেলাঘৰ সজোৱাত। পিছ পৰি থকা নাই ওদালগুৰি জিলাৰ বগৰীবাৰী অঞ্চলো৷

বগৰীবাৰী অঞ্চলৰ ৰাইজে মাঘবিহু উপলক্ষে সাজি উলিয়াইছে আল্ট্ৰা বাছৰ আৰ্হিৰ ভেলাঘৰ। গাঁৱৰ সকলো লোক মিলি প্ৰায় এমাহ ধৰি ব্যস্ত থাকি সাজি উলিয়াই ভেলাঘৰটো৷ গাঁও খনৰ কেইগৰাকীমান যুৱকে সাজি উলিওঁৱা ভেলা ঘৰতো আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷