
গোৰেশ্বৰঃ প্ৰাদেশিকীকৰণৰ নামত চৰকাৰে চলাই থকা ভুৱা নাটকৰাজি বন্ধ কৰি অহা ৩০ অক্টোবৰৰ ভিতৰত জিলা বাচনি সমিতিয়ে সংশ্লিষ্ট সঞ্চালকলৈ তেওঁলোকৰ বাচনি বৃত্তান্ত প্ৰেৰণ কৰাৰ দাবী জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। আজি ২০ অক্টোবৰত গুৱাহাটীৰ কাহিলীপাৰত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ আটাইকেইজন সঞ্চালকৰ হৈ উচ্চ শিক্ষাৰ সঞ্চালক বাবুলাল শৰ্মাই এই স্মাৰক পত্ৰ গ্ৰহণ কৰে।
ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদক ক্ৰমে কুশল হালৈ আৰু ভূৱনেশ্বৰ লহকৰে এই সন্দর্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে যে- যি সময়ত বিনা বেতনে একাংশ ভেন্সাৰ শিক্ষকে অৱসৰ লৈছে, আন একাংশই মানসিক ভাৰসাম্য হেৰুৱাব লগা হৈছে বা আন একাংশই আকৌ আৰ্থিক দৈন্যতাত বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি লৈছে তেনে বেদনাময় পৰিস্থিতিকো আওকাণ কৰি প্ৰাদেশিকীকৰণ বাবে গঠন কৰি দিয়া জিলা বাচনি সমিতিয়ে আজিকোপতি সংশ্লিষ্ট সঞ্চালকলৈ বাচনি বৃত্তান্ত প্ৰেৰণ কৰা নাই। যোৱা ৩১ আগষ্টতে এই বাচনি বৃত্তান্ত প্ৰেৰণ কৰাৰ দিন উকলি গৈছে যদিও শিক্ষা বিভাগৰ একাংশ কৰ্মচাৰীৰ হেমাহিৰ বাবে আজিকোপতি সঞ্চালকলৈ ফাইল প্ৰেৰণ কৰিব পৰা নাই।
গুৱাহাটী উচ্চ ন্যায়ালয়ে পদ প্ৰাদেশিকীকৰণ আইন ২০১১ বাতিল কৰাৰ পিছত নতুনকৈ প্ৰণয়ন কৰা পদ প্ৰাদেশিকীকৰণ আইন ২০১৭ৰ ভিত্তিত অসম চৰকাৰে বিভাগীয় জাননীযোগে ভেন্সাৰ শিক্ষানুষ্ঠানৰ একাংশৰ নথিপত্ৰ আৰু কৰ্মৰত শিক্ষকৰ ব্যক্তিগত নথিপত্ৰ সমূহ জিলা বাচনি সমিতিৰ ওচৰত দাখিল কাৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ ওপৰি জিলা বাচনি সমিতি সমূহে সংশ্লিষ্ট সঞ্চালকলৈ ৩১ আগষ্ট ২০১৭ত প্ৰেৰণ কৰিব লাগিছিল। কিন্তু আজিলৈকে তেওঁলোকে বাচনি বৃত্তান্ত দাখিল নকৰি দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে কেৱল হেতালি হে খেলিছে। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰৰ শিক্ষা বিভাগৰ একাংশ আমোলাৰ গুৰুত্বহীনতা আৰু বিষয়টোৰ ওপৰত নেতিবাচক ভূমিকাৰ বাবে প্ৰাদেশিকীকৰণৰ সমগ্ৰ প্ৰক্ৰিয়া পিছুৱাই গৈ আছে বুলি ঐক্যমঞ্চই অভিযোগ কৰিছে।
শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰক্ৰিয়াটো পঞ্চায়ত নিৰ্বাচনলৈ ঠেলি নি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। যোগ্যতা থকাৰ পিছতো শিক্ষক-কৰ্মচাৰীসকলক লৈ কৰা এনে ষড়যন্ত্ৰৰ ফলত হেজাৰ হেজাৰ পৰিয়াল আজিও আশাতে বন্দী হৈ থাকিব লগা হৈছে। সেয়েহে আজি ২০ অক্টোবৰত উচ্চ শিক্ষাৰ সঞ্চালক বাবুলাল শৰ্মাক ঐক্যমঞ্চই স্মাৰক পত্ৰ প্ৰদান কৰি অহা ৩০ অক্টোবৰৰ ভিতৰত জিলা বাচনি সমিতিৰ বাচনি বৃত্তান্ত প্ৰেৰণৰ বিষয়টো সমাপ্ত কৰিবলৈ দাবী জনাইছে। অন্যথা ৰাজ্যজুৰি তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলা হ'ব বুলি অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই হুংকাৰ দিছে।