শিৱসাগৰ জিলা উপায়ুক্তক টাইপা স্মাৰক পত্ৰ প্ৰদান

ডিব্ৰুগড়ঃ নিৰ্ভুল নাগৰিকপঞ্জীৰ বাবে আজি  টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন সমূহৰ সহযোগত শিৱসাগৰত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়৷

নাগৰীকপঞ্জী প্ৰস্ততকৰণত যাতে কোনো খিলঞ্জীয়া বাদ নপৰে আৰু কোনো অবৈধ বাংলাদেশী যাতে অন্তৰ্ভূক্ত নহয়, তাৰ বাবে সতৰ্ক হ’বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় টাইপা আৰু আন আন দল সংগঠনে৷

স্মাৰক পত্ৰ প্ৰদান কৰা সময়ত টাইপাৰ কেন্দ্ৰীয় সমিতি সভাপতি হেমন্ত চাংমাইৰ লগতে শিৱসাগৰ জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি শৈলেন চাংমাই উপস্থিত থাকে।