
ডিব্ৰুগড়ঃ সন্দেহযুক্ত নাগৰিকে অসমৰ বিভিন্ন ঠাইত খোপনি পুতি অসমৰ সামাজিক, ভাষিক, সাংস্কৃতিক আদি বিভিন্ন দিশলৈ ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে একাংশ পুঁজিপতিয়ে নিজৰ ব্যৱসায়িক লাভালাভৰ স্বাৰ্থত বহু সংখ্যক সন্দেহযুক্ত নাগৰিকক নিজা উদ্যোগত শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে৷
অসমৰ বিভিন্ন ঠাইৰ লগতে এইবাৰ শিৱসাগৰ জিলাৰো বিভিন্ন ইটা ভাটাত সংশ্লিষ্ট কতৃপক্ষই এনে সন্দেহযুক্ত নাগৰিকক আশ্ৰয় প্ৰদান কৰি বহু দিনৰ পৰা শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ মূলসুঁতিৰ পৰা আঁতৰত থকা এইসকল লোকৰ নাগৰিকত্বৰ প্ৰতি অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজ, অসমে শিৱসাগৰ জিলাৰ উপায়ুক্তক এখন ষ্মাৰক পত্ৰ প্ৰদান কৰে৷
জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা এইসমূহ ইটা ভাটাৰ সন্দেহযুক্ত শ্ৰমিকৰ নাগৰিকত্ব পৰীক্ষা কৰি চিনাক্তকৰণ কৰাৰ লগতে ১৫ দিনৰ ভিতৰত প্ৰতিবেদন প্ৰকাশ কৰিবলৈ দাবী জনায়৷ আনহাতে সৰ্বানন্দ সোণোৱাল চৰকাৰে জাতি মাটি ভেটিৰ প্ৰতি দায়ৱদ্ধতা দেখুওৱা জাতীয় নায়কৰ দ্বাৰা পৰিচালিত ৰাজ্য চৰকাৰখনে ইতিহাস বিজড়িত অসমৰ স্বাভিমান আৰু গৌৰৱ সমৃদ্ধ জিলাখনত এনেদৰে দেখুৱাই ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি শিৱসাগৰ বাসী ৰাইজৰ লগতে অসম বাসী ৰাইজে উৎসুকতাৰে অপেক্ষা কৰিব বুলি কয় অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজে৷