
চামগুৰিঃ সমাজখনৰ বাবে ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মাৰধৰ কৰা কৰি অহাৰ সঘনাই সংঘটিত হৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰে। বাটৰ হেঙাৰ আতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷
কেৱল আক্ৰমণেই নহয় বিশ্বত তথা আমাৰ ৰাজ্যত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ দিছে। কিন্তু তাৰ পিছতো সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰা নহ’ল৷ যাৰ ফলত পুনৰ সাংবাদিকক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্য খনৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকসকল জীৱনৰ সুৰক্ষাৰ লৈ চিন্তিত৷
ইয়াৰ মাজতে, সাংবাদিক সুৰক্ষা আইনৰ জৰিয়তে সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে নিয়মীয়া পাৰিতোষিক, চিকিৎসা ব্যয় তথা কৰ্মৰত প্ৰতিগৰাকী সাংবাদিকৰ এক্ৰিডেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰাৰ আহ্বান জনাই শাসকীয় বিজেপিৰ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসক বুধবাৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে সাংবাদিক সংগঠনে৷
নগাঁও জিলাৰ বৃহত্তৰ চামগুৰিৰ পৰা বাতৰি পৰিৱেশন কৰা ছপা আৰু বৈদ্যুতিন মাধ্যমৰ যৌথ মঞ্চ সংযুক্ত সাংবাদিক সন্থা-চামগুৰি চমুকৈ উকাচে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক স্মাৰক পত্ৰ প্ৰদান কৰে৷ ৰাজ্যৰ মফচলীয় সাংবাদিকসকল বিভিন্ন প্ৰকাৰে বঞ্চিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে সমাজৰ বাবে অতন্ত্ৰ প্ৰহৰী হৈ সমাজ জীৱনৰ সকলো ক্ষেত্ৰতে দিনে-নিশাই শ্ৰম কৰি অনিশ্চয়তাত ভুগিবলগা হোৱাৰ লগতে বিভিন্ন সময়ত ভাবুকি আৰু বিভিন্ন গোচৰৰ সন্মুখীন হ’ব লগা হয়৷ সেয়েহে এই বিষয়ত চৰকাৰ আৰু প্ৰশাসনৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিগৰাকীক উকাচে আহ্বান জনায়৷
চৰকাৰক মাঝিথিয়া বৰ্ডৰ দৰমহা, প্ৰতিগৰাকী সাংবাদিকৰ এক্ৰিডিয়েচন কাৰ্ড, প্ৰয়োজন অনুসৰি চিকিৎসা ব্যয় তথা সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যিক সভাপতিগৰাকীয়ে দলৰ মঞ্চত বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীৰ সৈতে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে৷ সংযুক্ত সাংবাদিক সন্থাৰ সদস্যসকলৰ সৈতে সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হোৱা বুলিও জানিব পৰা গৈছে৷
পূৰ্বে নিজে মফচলীয় সাংবাদিক হিচাপে কাম কৰি পোৱা অভিজ্ঞতাৰ কথা ব্যক্ত কৰি সাংবাদিকসকলৰ মৰ্মবেদনা উপলব্ধি থকাৰ কথাও দাসে জানিবলৈ দিয়ে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক স্মাৰক পত্ৰ প্ৰদানৰ মূহুৰ্তত সংযুক্ত সাংবাদিক সন্থা-চামগুৰিৰ সভাপতি প্ৰদীপ বৰা, কাৰ্যকৰী সভাপতি নৱজ্যোতি বৰা, সম্পাদক নীলৰঞ্জন শৰ্মা, সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি ভূঞা, সাংগঠনিক সম্পাদক দুলাল শৰ্মা, কোষাধ্যক্ষ বিদ্যুত জ্যোতি বৰা উপস্থিত থাকে৷