ৰঙিয়াত স্বাস্থ্য সজাগতা সভা, আনৰ সন্তানৰ সৈতে তুলনা কৰি নিজৰ সন্তানক লাজ নিদিব

ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া প্ৰেছ ক্লাব আৰু নভা লাইফ বয়োটেকে দেওবাৰে ৰঙিয়া প্ৰেছ ক্লাব প্ৰাংগনত মানসিক স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰে। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা শিবিৰত মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস আৰু পুত্ৰ ডাঃ অন্বেষণ দাসে উপস্থিত থাকে৷ ৰাজ্যৰ আগশাৰীৰ চিকিৎসক জয়ন্ত দাসে বৰ্তমান সময়ত সমাজত আত্মহত্যাৰ প্ৰবনতা বৃদ্ধি পোৱা বুলি কৈ আক্ষেপ কৰে৷

বিশেষকৈ কম বয়সীয়াৱ লৰা-ছোৱালীৰ অভিভাৱকসকল এইক্ষেত্ৰত অধিক সাৱধান হোৱাৰ দৰকাৰ বুলি কৈ এজন অভিভাৱকে নিজৰ লৰা-ছোৱালীক কি ধৰণে ব্যৱহাৰ শিকাইছে, লৰা ছোৱালীৰ সমস্যাসমূহ কেনেদৰে বুজাৰ চেষ্টা কৰিছে তাৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কয়। সমাজৰ আধিকাংশ পৰিয়ালে লৰা-ছোৱালীৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰে বুলি কয় বিশিষ্ট চিকিৎসকগৰাকীয়ে।

আনকি তেওঁলোকৰ মনৰ ভাব খিনিও ভয়তে পিতৃ-মাতৃৰ আগত প্ৰকাশ কৰিবলৈ ভয় কৰে। একাংশ পিতৃ-মাতৃয়ে পঢ়াৰ ক্ষেত্ৰত আনৰ সন্তানৰ সৈতে তুলনা কৰি লৰা ছোৱালীক লাজ দিবলৈ চেষ্টা কৰে। অভিভাৱক সকলে এনেধৰণৰ আচৰণ লৰা-ছোৱালীক কৰাৰ পৰা বিৰত থাকিব লাগে৷ তেনে কৰাৰ ফলত সেইসকল লৰা-ছোৱালীয়ে হাতাশাত ভোগা দেখা যায়।

কিছু ডাঙৰ হোৱাৰ পিছত এইসকল লৰা-ছোৱালীৰ একাংশই বিভিন্ন ৰোগত ভোগাৰ উপৰিও আত্মহত্যাৰ দৰে পথ বাছি লয়।  যেনে ধৰণে সন্তানে খাব নিবিচাৰিলেও মাক দেউতাকে জোৰকৈ খুৱাবলৈ চেষ্টা কৰে ঠিক তেনেদৰে তেওলোকে কথা কবলৈ ইচ্ছা নকৰিলে, মনত কিবা ভয় ভাব থকা যেন লাগিলে অতি মৰমেৰে সুধি জানিবলৈ চেষ্টা কৰিব লাগে। তেনে কৰিলে নিশ্চয় আমাৰ সন্তানে মানসিক সবল হৈ দক্ষতা বৃদ্ধি কৰাত সহায়ক হব বুলি মনোৰোগ চিকিৎসক ডাঃ জয়ন্ত দাস মন্তব্য আগবঢ়ায়।

আনহাতে মানসিক ৰোগ সম্পৰ্কত ডাঃ জয়ন্ত দাসৰ পুত্ৰ ডাঃ অন্বেষণ দাসেও বহলাই বাখ্যা কৰি ইয়াৰ প্ৰতিকাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়। ৰঙিয়াৰ প্ৰায় অৰ্ধশতাধিক লোক উপস্থিত থকা স্বাস্থ্য শিবিৰত কেইবাজনো সচেতন লোকে চিকিৎসক দুগৰাকীৰ সৈতে মত বিনিময় কৰে৷ মানসিক ৰোগ সম্পৰ্কত প্ৰশ্ন কৰি ইয়াৰ সমাধান কিদৰে লাভ কৰিব পাৰি তাৰ জ্ঞাত লয়। ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্য মুস্তাফা কামাল আহমেদে পৰিচালনা কৰা অনুষ্ঠানটোত ৰঙিয়া এপেক্স বেংকৰ প্ৰৱন্ধক দিগন্ত কাকতিৰ লগতে লগতে নভা একাডেমীৰ সঞ্জয় পাটোৱাৰীয় উপস্থিত থাকে ।