ছানী লিঅ'নিক লৈ ৰামগোপালৰ নতুন চিনেমা

ডিজিটেল ডেস্কঃ ডেৰ দশক পূৰ্বে এখন ছবি পৰিচালনা কৰিছিল ৰামগোপাল বাৰ্মাই। ছবিখনৰ নাম আছিল 'মে মাধুৰী দীক্ষিত বন্না ছাহতি হুঁ’। চিনেমাখনত দেখা গৈছিল মাধুৰীৰ এগৰাকী অন্ধ সমৰ্থকক। খোৱা-লোৱা, চলা-ফুৰা সকলোতে মাধুৰীক অনুকৰণ কৰিছিল অন্ধ সমৰ্থক যুৱতীৰ চৰিত্ৰটোৱে।

শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে এনেধৰণৰ আন এখন ছবি। এইবাৰো ৰামগোপাল বাৰ্মাৰ বেনাৰতে নিৰ্মাণ কৰা হৈছে ছবিখন। এই ছবিখন পিছে পূৰ্ণ দৈৰ্ঘ্যৰ নহয়। ইউটিউবত ইতিমধ্যে মুক্তি লাভ কৰা এই চুটি ছবিখনৰ নাম হৈছে 'মেৰি বেটি ছানি লিঅ’নি বন্না ছাহতি হ্যায়’। পিতৃ-মাতৃ আৰু কন্যাৰ কথোপকথনেই ছবিখনৰ মূল বিষয়বস্তু। 

চিনেমাৰ আৰম্ভণিতে কন্যাই পিতৃক প্ৰশ্ন কৰিছে, 'যদি তুমি এজন এছিটেণ্ট মেনেজাৰ হ’ব পাৰা, তেন্তে মই কিয় এগৰাকী পৰ্ণষ্টাৰ হ’ব নোৱাৰো?’ কন্যাৰ এনে প্ৰশ্ন শুনি পিতৃ-মাতৃয়ে বুজাবলৈ চেষ্টা কৰিছে।

কিন্তু কোনো কথাতে মান্তি নহয় ছোৱালীগৰাকী। মাক-দেউতাকৰ প্ৰতিটো কথাই যুক্তিৰে উৰুৱাই দিছে ছোৱালীগৰাকীয়ে। মুঠতে বিষয়বস্তু যে তেনেই বিতৰ্কিত, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অৱশ্যে বিতৰ্কৰ কেন্দ্ৰ হৈ থাকিবলৈ ভয় নকৰা ৰামগোপাল বাৰ্মাৰ বাবে এয়া কোনো নতুন কথা নহয়।

চিনেমাখনত পিতৃৰ ভূমিকাত অভিনয় কৰিছে মকৰন্দ দেশপাণ্ডেই। কন্যাৰ চৰিত্ৰটো ৰূপায়িত কৰিছে নয়না গংগোপাধ্যয়ে আৰু মাতৃৰ ভূমিকাত আছে বিদ্যা জগদালে। ১১.২৯ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনে ৰক্ষণশীল ভাৰতীয়সকলক নতুন চিন্তাৰ খোৰাক দিব বুলি আশা কৰা হৈছে।