নলবাৰীত দুৰ্গা ভক্তক পিয়াহৰ পানী খুৱালে গৰিয়া মৰিয়া দেশীয়ে

নলবাৰীঃ মানৱতাৰ ধৰ্মই প্ৰকৃত ধৰ্ম৷ এই নিদৰ্শন আগবঢ়াই অসমৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত নলবাৰীৰ বেলশৰৰ দুৰ্গোৎসৱত সদৌ অসম গৰিয়া মৰিয়া-দেশী জাতীয় পৰিষদে সমূহ ভক্তপ্ৰাণ ৰাইজক বিনামূলীয়া কৈ শীতল পানী প্ৰদান কৰে।

আজি সংগঠনটোৱে ভক্ত সকলৰ মাজত প্ৰায় ১০ হাজাৰ লিটাৰ মিলিলিটাৰ পানী বিতৰণ কৰি মানৱতাৰ ধৰ্মক উৎকৃষ্ট ধৰ্ম হিচাপে প্ৰমাণ কৰি দেখুৱায়৷

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হক, সহ সম্পাদক চহিদ আলী আহমেদ, বিত্ত সম্পাদক মজিবুৰ ৰহমান (ৰিতু ), কেন্দ্ৰীয় সাহিত্য সম্পাদক আৰৱদ্দিন আহমেদৰ নেতৃত্বত আৰু পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিত শৰ্মা, উপ সভাপতি সুভাষ বৰ্মন, আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহ সম্পাদক নিৰোদ আহমেদৰ সহযোগত এই পানী ভক্তপ্ৰাণ ৰাইজৰ মাজত বিতৰণ কৰা হয়।

উল্লেখ্য যে, সদৌ অসম গৰিয়া মৰিয়া, দেশী জাতীয় পৰিষদৰ পদক্ষেপক ৰাইজে উচ্চ প্ৰশংসা কৰাৰ লগতে  এয়া সমন্বয়ৰ সেঁতু গঢ়ি তোলাৰ ক্ষেত্ৰত আদৰণীয় পদক্ষেপ বুলি ৰাইজে মত প্ৰকাশ কৰিছে।