
নগাঁওঃ মন্ত্ৰীৰ কনভয়ৰ গতিৰ কথা সকলোৱে জানে৷ পথৰ দাতিৰ ধূলি উৰুৱাই নগলে যেন মন্ত্ৰীৰ কনভয় যেনে নালাগে৷ বিধায়ক, মন্ত্ৰী হৈ ৰজা ৰজা যেন লগাৰ বিশেষ এটা পৰিচয় হ’ল কনভয়৷ মন্ত্ৰীৰ কনভয়ে সময়ে সময়ে মানুহৰ প্ৰাণ লৈ আহিছে৷ দ্ৰুতবেগী কনভয়ে মঙলবাৰে পুৱাই প্ৰাণ ললে এগৰাকী দৰিদ্ৰ মহিলাৰ৷
ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ তীব্ৰবেগী কনভয়ৰ গাড়ীৰ খুন্দাত এগৰাকী মহিলা নিহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷ অগপ নেতা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ তীব্ৰবেগী কনভয়ে মহতীয়াই নিয়ে মিনু দেৱী নামৰ মহিলাগৰাকীক৷ স্বামীৰ সৈতে একেলগে অহা মহিলাগৰাকীয়ে পথ অতিক্ৰম কৰিব খোজেতেই মন্ত্ৰীগৰাকীৰ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ গাড়ীয়ে মহতীয়াই নিয়ে ৷
ফলত মহিলগৰাকীৰ থিতাতে মৃত্যু হয়৷ দুৰ্ঘটনা সংঘটিত কৰি ৰৈ দিবলৈ আহৰি নহ’ল মন্ত্ৰী কেশৱ মহন্তৰ৷ নগাঁও জিলাৰ ৰহাৰ পূৱ সৰাগাঁৱত সংঘটিত হয় এই ঘটনা৷ ৰহাৰ পূৱ সৰাগাঁৱত নিহত মহিলা গৰাকীক মিনু দেৱী(৫৫)৷ গুৱাহাটীৰ পৰা নিজ সমষ্টি কলিয়াবৰলৈ গৈ আছিল মন্ত্ৰীৰ কনভয়টো৷ কনভয়টো তীব্ৰ বেগত গৈ থকা অৱস্থাত মহিলা গৰাকীয়ে পথ পাৰ হ’বলৈ ধৰোতেই সংঘটিত হয় শোকাৱহ ঘটনাটো৷
ইফালে মন্ত্ৰীৰ এছক’ৰ্ট গাড়ী বাগৰি আহত হয় তিনিজন নিৰাপত্তাৰক্ষী৷ গুৰুত্বৰভাবে আহত চেনীৰাম বৰুৱা, প্ৰাঞ্জল মালাকৰ আৰু গোবিন্দ ৰায়ক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ পিছত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ নিহত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷