অফাৰ, ৰেল মন্ত্ৰীৰ গৃহ জিলা নগাঁৱত নিশাৰ যাত্ৰীয়ে কাটিব নালাগে টিকট

বঢ়মপুৰঃ ৰেলমন্ত্রী সলনি হলেও বিভাগটোত আহুকাল আঁতৰা নাই৷ কেবাটাও দুৰ্ঘটনাৰ পিছতে অপৰিস্কাৰ খাদ্য খাই ২৪জনকৈ লোক অসুস্থ হৈ পৰাৰ পিছত এইবাৰ ৰেল ষ্টেছনৰ টিকট কাউন্টাৰ বন্ধ হৈ থকাৰ দৰে ঘটনা সংঘটিত হৈছে৷ এইবাৰ ঘটনাৰ স্থান অসম৷ এই ঘটনা সংঘটিত হৈছে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁঞৰ গৃহ জিলা নগাঁৱত৷

নগাঁও জিলাত নিশা কেবাটাও ৰেল ষ্টেছনৰ টিকট কাউন্টাৰ বন্ধ থকাৰ ফলত তথা বিভাগটোৰ একাংশ কৰ্মচাৰীৰ বাবে দেশে নিতৌ হেৰুৱাবলগীয়া হৈছে বৃহত পৰিমাণৰ ৰাজহ। মাথো কেইমাহমান পূৰ্বে অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰি কলিয়াবৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেবাগৰাকী মন্ত্ৰী-বিধায়কৰ উপস্থিতিত উদ্বোধন কৰিছিল কলিয়াবৰ-গুৱাহাটী সংযোগী ডিজেল ইঞ্জিনৰ যাত্ৰীবাহী নতুন ৰেল।

নতুন ৰেল খনত যাত্ৰীয়ে আহ-যাহো কৰি আছে৷ সকলো থিকে আছে কিন্তু ৰেল খনত যাত্ৰীয়ে বিনা টিকটেৰে যাত্ৰা কৰাৰ সুবিধা লাভ কৰি আহিছে৷ কিয়নো নিশা হলেই কেবাটাও ৰেল ষ্টেছনৰ টিকট কাউন্টাৰ বন্ধ হৈ পৰে৷ গুৱাহাটীৰ উভতি অহাৰ সময়ত নিশা ভালেসংখ্যক যাত্ৰীয়ে ৰেলখনত ভ্ৰমন কৰিবলৈ বাধ্য হয় বিনা টিকটেৰে। চামগুৰি, পুৰণিগুদামকে ধৰি একাধিক ষ্টেছনত গুৱাহাটীৰ পৰা ৰেলখন ওভটাৰ পথত নিশা বন্ধ হৈ থাকে টিকট দিয়া কক্ষসমূহ।

যাৰ বাবে বিনা টিকটেৰে ৰেলখনেৰে নিতৌ যাত্ৰা কৰিবলৈ বাধ্য হয় বহু লোকে। ইফালে আকৌ বহু সংখ্যক যাত্ৰীয়ে টিকট কাটিবলৈ নাপাই ৰেলযাত্ৰা নকৰাকৈয়ে ষ্টেছন ত্যাগ কৰিবলৈ বাধ্য হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ৰেল মন্ত্ৰীৰ গৃহ জিলাতে চৰম দ্বায়িত্বজ্ঞানহীন ৰেল কৰ্মচাৰীৰ বাবে বিভাগটোৱে ৰাজহ হেৰুৱাব লগা হৈছে।