বৰাকৰ বান পৰিস্থিতিৰ বুজ ললে মন্ত্ৰী কেশৱ মহন্তই, শিবিৰত পৰ্যাপ্ত খাদ্য নিদিয়াৰ অভিযোগ

newsnextone.com | শিলচৰঃ যোৱা কেইবাটাও দিন ধৰি বানৰ কৱলত পৰি কেইবাখনো জিলাৰ কেইবা হাজাৰ লোকে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছে৷ ৰাজ্যৰ কেইবা খনো জিলাৰ বহু পৰিয়ালে সকলো হেৰাই চকুলো টুকি দিন পাৰ কৰিছে৷ অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল, হোজাই জিলা, বৰাক উপত্যকাৰ কৰিমগঞ্জ-হাইলাকান্দি জিলা, গোলাঘাটৰ বোকাখাত-কাজিৰঙা অঞ্চল বছৰৰ প্ৰথমটো বানৰ কৱলত পৰে৷

হাইলাকান্দিত জিলাৰ বহিঃজগতৰ সৈতে যোগাযোগ বন্ধ হৈ পৰে। বানত ক্ষতিগ্ৰস্ত হাইলাকান্দি জিলাৰ প্ৰায় ডেৰ লাখ লোক। বানাক্ৰান্তক সহায়ৰ বাবে বায়ুসেনাৰ হেলিকপ্তাৰ পৰ্যন্ত ব্যৱহাৰ কাৰ হয় বৰাক উপত্যকাত৷

অসম চৰকাৰে বানাক্ৰান্তৰ বাবে শিবিৰ স্থাপন কৰিব লগা হয়৷ কাছাৰ জিলা প্ৰশাসনে সকলো পৰীক্ষা বাতিল কৰিব লগা হৈছে৷ শিক্ষানুষ্ঠান সমূহ ডুব যোৱাত জিলা প্ৰশাসনে এই সিদ্ধান্ত লয়৷ ইপিনে বৰাক উপত্যকাৰ তিনি জিলাৰ শিবিৰ সমূহত পৰ্যাপ্ত খাদ্য সামগ্ৰী নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ বৰাক উপত্যকাৰ কৃষকৰ কেইবা শ বিঘা ধান খেতি নষ্ট হয়৷ 

তাৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দেওবাৰে বৰাকত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই৷ কাছাৰ, কৰিমগঞ্জ হাইলাকান্দি, শিলচৰ আৰু উদাৰবন্দৰ বানপিড়ীত ঠাইসমূহ পৰিদৰ্শন কৰি শিলচৰ আৱৰ্ত ভৱনত স্থানীয় প্ৰশাসন, শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পাল তথা বৰখলাৰ বিধায়ক কিশোৰ নাথৰ সৈতে হোৱা আলোচনাত মিলিত হয় জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই৷ মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰসমূহত উপস্থিত হৈ খবৰ লয়৷ প্ৰশাসনক সকলাে পৰ্যায়ৰ সহায় কৰাৰ লগতে মথাউৰি সমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে৷