
newsnextone.com | তামুলপুৰঃ শনিবাৰে বাক্সা জিলাৰ তামুলপুৰ সমষ্টিৰ চেচাপানী আৰু দৰংগামেলাত দুখনকৈ বিশুদ্ধ খোৱা পানী যোগান আঁচনি মুকলি কৰি জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে। তামুলপুৰ জনস্বাস্থ্য কাৰিকৰী উপ-সংমণ্ডলৰ অধিনত নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনি মুকলি কৰি সম্প্ৰতি ৰাজ্যত ৩৬ শতাংশ লোকেহে বিশুদ্ধ খোৱা পানী সেৱন কৰি আহিছে বুলি কয় মন্ত্ৰী ৰিহনে৷ বাকী ৬৪ শতাংশ লোকে বিভিন্ন উৎসৰ পৰা বিশুদ্ধ পানী খোৱাৰ প্ৰয়াস কৰে বুলি কৈ ৰাজ্য চৰকাৰে অসমৰ চুকে-কোনে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে বিশেষ কাৰ্যপন্থা হাতত লৈছে বুলি উল্লেখ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে।
তামুলপুৰ বিধান সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ উপস্থিতিত আৰু তামুলপুৰ জনস্বাস্থ্য কাৰিকৰী উপ-সংমণ্ডলৰ বিষয়া বি এম ৰয়ে আঁতধৰা সভাত মুকলি কৰা আঁচনি দুখন পৰিচালনাৰ দায়িত্ব ৰাইজৰ বুলি কয় মন্ত্ৰীগৰাকীয়ে। আঁচনি দুখনৰ কাৰ্যক্ষমতা নিৰ্ভৰ কৰিব ৰাইজৰ পৰিচালনাৰ ওপৰত। সেয়েহে আঁচনি দুখন পৰিচালনা কৰি বিশুদ্ধ খোৱা পানী সেৱন কৰাৰ বাবে ৰাইজক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। ২০১৯ চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালতে অনাময় আঁচনিৰ জৰিয়তে শৌচালয় নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰি বাক্সা জিলাৰ পৰিত্যক্ত পানী যোগান আঁচনি সমূহ মেৰামতি কৰি কাৰ্যক্ষম কৰাৰ কাৰণে ৬ কোটি ৬০ লাখ টকা মুকলি কৰি দিয়া হৈছে বুলি কয়।
তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে অসমৰ মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি কাম-কাজ কৰি আহিছে বুলি কৈ বিটিএডিত হাগ্ৰামা মহিলাৰৰ নেতৃত্বাধীন বিটিএডিৰ চাৰিওখন জিলাৰ খোৱা পানীকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় বিধায়কগৰাকীয়ে।
তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিৎ বাগলাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰী, দেবেন বড়ো, এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, চিএছডি দীপক দত্ত, বিটিচিৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ সচিব ভৱানী প্ৰসাদ শৰ্মা, বাক্সা জিলা সংমণ্ডলৰ বিষয়া মিনতি চহৰীয়া, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ তামূলপুৰ উপ-সংমণ্ডলৰ বিষয়া বিৰলা মঙ্গল ৰায়, অভিযন্তা মঞ্জন বড়ো, অতিৰিক্ত আয়ুক্ত হৃদয় দাস উপস্থিত থাকে। একোখন আঁচনিত ২৫ লাখ টকাকৈ ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।