আৰক্ষী বিষয়াৰ বিৰুদ্ধে আৰক্ষী থানাৰ চৌহদত কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ

ইন্টাৰনেট ফটো

হাজোঃ কেন্দ্ৰীয় চৰকাৰে নাৰী নিৰ্যাতন ৰোধ কৰিবলৈ দেশত নতুন আইন প্ৰৱৰ্তন কৰিলেও কিন্তু হ্ৰাস পোৱা নাই নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশ তথা আমাৰ ৰাজ্যখনত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাই দেশৰ মান-মৰ্যাদাত আঘাত হানিছে৷ দেশত সংঘটিত কেইবাটাও ঘটনাৰ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰখাৰ সময়তে অসম আৰক্ষীৰ গাত দাগ লগালে এগৰাকী আৰক্ষী বিষয়াই৷ 

ৰক্ষকে ভক্ষক হোৱাৰ লেখিয়াকৈ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷  সেয়াও আন ঠাইত নহয়, খোদ আৰক্ষী থানা চৌহদৰ ভিতৰতে কিশোৰীক য্যন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসৰ বিৰুদ্ধে৷ জানিব পৰা মতে, দুদিন পূৰ্বে কিশোৰীগৰাকীক থানা চৌহদলৈ আনি কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হয়৷ 

হাজোৰ সমীপৰ ৰামদিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কিশোৰীক নিৰ্যাতন চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছ৷ কিশোৰীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰা অনুসৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসে আৰক্ষী থানাৰ এটা আৱাসত আবদ্ধ কৰি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলায়৷ পিছত কিশোৰীগৰাকীয়ে পৰিয়ালক এই কথা অৱগত কৰাত পৰিয়ালে হাজো আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ 

কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগক কামৰূপ জিলা আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈ দুগৰাকী উচ্চপদস্থ মহিলা আৰক্ষী বিষয়াক ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা বুলি জানিব পৰা গৈছে৷