গোৰেশ্বৰত ঘৰত অকলে থকা দৰিদ্ৰ চাহ দোকানীৰ ১৩ বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ

newsnextone.com | গোৰেশ্বৰঃ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ সুৱাগপুৰত৷ নিজ ঘৰত অকলে থকা দৰিদ্ৰ পৰিয়ালৰ ১৩ বছৰীয়া কিশোৰীৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়৷

গোৰেশ্বৰ আৰক্ষী থানা এলেকাৰ সুৱাগপুৰৰ ঔবাৰীত ৯ জুলাইত সংঘটিত হৈছে এই কাণ্ড। ১৩ বছৰীয়া কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই ধৰ্ষণ আৰু হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সুৱাগপুৰৰ জ্ঞানজ্যোতি একাডেমিৰ ষষ্ঠ শ্ৰেণীৰ অধ্যয়নৰত কিশোৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত কৰাৰ দাবী জনায় ৰাইজে৷

জানিব পৰা মতে, সুৱাগপুৰৰ ঔবাৰী গাঁৱৰ সুৱাগপুৰ বজাৰত চাহ দোকান দি পৰিয়াল পোহপাল দিয়া ললিত চেত্ৰী আৰু মায়া চেত্ৰীয়ে নিতৌ পুৱা চাহ দোকানলৈ ওলাই যায়৷ ললিত চেত্ৰী আৰু মায়া চেত্ৰীৰ ১৩ বছৰীয়া কন্যা পূজা চেত্ৰীয়ে সেই সময়ত ঘৰত অকলে থকাৰ লগতে স্কুললৈও যায়৷ তেনেদৰে ঘৰ খন চলি থকাৰ মাজতে সোমবাৰে পুৱাও ললিত চেত্ৰী আৰু মায়া চেত্ৰীয়ে কন্যাক ঘৰত এৰি চাহ দোকানলৈ গৈছিল৷ 

দিনৰ দিনটো চাহ দোকানত কাম কৰি ললিত চেত্ৰী আৰু মায়া চেত্ৰীয়ে ঘৰত সোমাই তেওঁলোকৰ কন্যা পূজা চেত্ৰী ঘৰৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে৷ ডিঙিত এখন গামোচা বান্ধি থোৱাই আছে৷ ততাতৈয়াকৈ কন্যাক সাৱটি ধৰি উঠাই যদিও কন্যাৰ দেহৰ পৰা প্ৰাণ বায়ু কেতিয়াবাই উৰি গৈছিল বুলি অৱগত হয় পিতৃ-মাতৃয়ে৷ তাৰ লগে লগে হাহাকাৰ লাগে পৰিয়ালটোত৷ ওচৰ চুবুৰীয়া আহি ঘটনাৰ খবৰ দিয়ে সুৱাগপুৰ আৰক্ষী চকীত৷  

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। স্থানীয় লোকৰ লগতে পৰিয়ালে সন্দেহ কৰা মতে, কোনো লোকে প্ৰথমে ধৰ্ষণ তাৰ পিছত কিশোৰক হত্যা কৰিছে৷ কিশেৰীগৰাকীক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে। কিশোৰীগৰাকীৰ নশ্বৰ দেহ সুবাগপুৰ আৰক্ষী চকীতে ৰাখি মঙলবাৰে পুৱাই মুছলপুৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লাভ কৰাৰ পিছতহে ওলাই পৰিব যদিও ৰাইজে এয়া পৰিকল্পতি হত্যাকাণ্ড আখ্যা দিয়ে।