অসমৰ দৰিদ্ৰ খেতিয়কৰ ৭ বছৰীয়া কিশোৰীক অপহৰণ অৰুণাচলৰ দুৰ্বৃত্তৰ, চলিছে উদ্ধাৰ অভিযান

newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ ধলাৰ পৰা মাতৃসহ এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক অৰুণাচলৰ দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ ঘটনাই চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ কণমানি শিশুক অপহৰণ কৰে অৰুণাচলী দুৰ্বৃত্তই৷ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত বৰডিৰাক গোঁসাই গাঁৱৰ এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক অৰুণাচলী দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ বৰডিৰাক গোসাই গাঁৱৰ বেনাই মহন্তৰ ৭ বছৰীয়া কন্যা ববী মহন্তক চকলেট আৰু চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দি অৰুণাচলী লোকে অপহৰণ কৰি নিয়ে। এজন অৰুণাচলী লোক যোৱা দুদিন পূৰ্বে গোসাই গাঁৱলৈ আহিছিল। তাৰ মাজতে, যোৱা ১০ জুলাইৰ বিয়লি অৰুণাচলী লোকগৰাকীয়ে বিপদত পৰা বুলি কৈ বেনাই মহন্তৰ ঘৰত এটা নিশাৰ বাবে থাকিব বিচাৰে৷ 

অচিনাক্ত লোকজনে বিপদত পৰাত নিশাটোৰ বাবে অাশ্ৰয় দিছিল বেনাই মহন্তই। অজলা খেতিয়ক বেনাই মহন্তই নিশাটোৰ বাবে অাশ্ৰয় দিয়াত অৰুণাচলী লোকজনে নিশাটো কটায়৷ পুৱা লোকজনে বিছনাত থকাৰ সময়তে বেনাই মহন্তই ঘৰৰ পৰা ওলাই গৈছিল৷ সেই সুযোগতে পিতৃৰ অনুপস্থিতিত বেনাইৰ দ্বিতীয় কন্যা কণমানি ববীক ফুচুলাই বজাৰলৈ নিয়ে। বজাৰত চকলেট আৰু চেণ্ডেল কিনি দিম বুলি কৈ কিশোৰীগৰাকীক নিয়াৰ প্ৰায় তিনিটা দিন পাৰ হ’ল যদিও এতিয়ালৈ কণমানি বেবী ঘৰলৈ অহা নাই৷ অৰুণাচলী লোকজনে নিজকে চাংলাং জিলাৰ ডায়ুনৰ চাকমা বুলি পৰিচয় দিছিল৷ 

পুৱাই বজাৰলৈ নিয়াৰ পিছত বিয়লিলৈ ঘৰলৈ ঘুৰি নহাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰাত লোকজনে অপহৰণ কৰাটো নিশ্চিত হয়। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, কণমানি জনীক এখন ব’লেৰ পিক অাপ গাড়ীত তুলি ডিৰাক গেটেৰে অৰুণাচলৰ দিশে লৈ যায়। ঘটনা সন্দৰ্ভত পৰিয়ালে বৰডুমচা অাৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অাৰক্ষীয়ে অপহৃত কণমানিজনীক উদ্ধাৰৰ বাবে অভিযান অাৰম্ভ কৰিলেও সফল হ’ব পৰা নাই।