কলৈ গ’ল কলিয়াবৰৰ অৰূপ

কলিয়াবৰঃ যোৱা ৪ বছৰে ঘৰলৈ উভতি অহা নাই এগৰাকী পুত্ৰ৷ ২০১৩ চনত ঘৰৰ পৰা কোম্পানীত কাম কৰিম বুলি ওলাই গৈ আজিলৈকে ঘৰলৈ উভতি অহা নাই যুৱকজনে৷ নগাঁও জিলাৰ কলিয়াবৰৰ মাধতাৰিৰ অৰূপ কাকতী নামৰ ২২ বছৰীয়া যুৱকজনে ২০১৩ চনে সমনীয়াৰ সৈতে দিল্লীলৈ যাত্ৰা কৰিছিল। সমনীয়া কেইজনমানে দিল্লীত অৰূপৰ সংগ এৰে।

তাৰ পিছত আন এজন বন্ধু ভোলা বৰাৰ সৈতে একেটা ঘৰ ভাড়াত লৈ কোম্পানীত কাম কৰি আছিল অৰূপ কাকতিয়ে। দিল্লীৰ কোম্পানীত দুবছৰ কাম কৰা অন্তত ২০১৫ চনত বন্ধু ভোলাৰ সৈতে গুজৰাটলৈ যাত্ৰা কৰে অৰূপে। গুজৰাটৰ ব্যক্তিগত কোম্পানীত কাম কৰাৰ অন্তত অৰূপক মুম্বাইলৈ প্ৰেৰণ কৰে কোম্পানীয়ে। তেতিয়ালৈকে কলিয়াবৰৰ পিতৃ-মাতৃৰ সৈতে ফোনত যোগাযোগ কৰি আছিল অৰূপে।

কিন্তু যোৱা কেইবা মাহ ধৰি পিতৃ-মাতৃয়ে ফোনত যোগযোগ কৰিব নোৱাৰাৰ লগতে কোনোধৰণৰ সম্পৰ্ক ৰক্ষা কৰিব নাই অৰূপৰ সৈতে। অৰূপৰ সৈতে থকা ভোলা নামৰ যুৱকজনেও অৰূপৰ পিতৃ-মাতৃৰ ফোন নধৰাত চিন্তাত দিন পাৰ কৰিছে পিতৃ-মাতৃয়ে। অৰূপৰ বন্ধু ভোলা কলিয়াবৰৰ নিজগৃহলৈ আহে যদিও অৰূপৰ পৰিয়ালক মাত নিদিয়াকৈ উভতি যায়৷ বন্ধুৰ এনে সন্দেহজনক আচৰণত এতিয়া নিদ্ৰাহৰণ হৈছে এই পৰিয়ালটোৰ। বন্ধু ভোলাৰ সন্দেহজনক আচৰণৰ পিছতে কলিয়াবৰ আৰক্ষী থানা এখন এজাহাৰ দাখিল কৰে অৰূপৰ পৰিয়ালে। কিন্তু, আজি পৰ্যন্ত অৰূপৰ কোনো শুংসুত্ৰ লাভ কৰা নাই আৰক্ষীয়ে।