পাকিস্তানত বন্দী ভাৰতীয়ৰ মুক্তিৰ বাবে কাম কৰা সাংবাদিক জিনাতক দুবছৰৰ মূৰকত উদ্ধাৰ

ডিজিটেল ডেস্কঃ ২০১৫ চনৰ পাকিস্তানৰ লাহোৰৰ পৰা নিৰুদ্দেশ হৈ থকা পাকিস্তানৰ মহিলা সাংবাদিক জিনাত চাহাজাদিক বুধবাৰে পাকিস্তানৰ সেনাই উদ্ধাৰ কৰে৷ পাকিস্তানৰ Missing Persons Commissionৰ অধ্যক্ষ জাভেদ ইকবালে জিনাত চাহাজাদিক বুধবাৰে পাক-আফগান সীমান্তৰ পৰা উদ্ধাৰ কৰা বুলি স্পষ্ট কৰে৷ পাকিস্তানৰ DAWNনামৰ ৱেব ছাইডত প্ৰকাশিত খবৰ মতে, পাকিস্তানত বন্দী হৈ থকা ভাৰতীয়ৰ মুক্তিৰ দাবীত যোৱা কেইবাটাও বছৰে সক্ৰিয় হৈ আছিল জিনাত৷

তাৰ পিছতে ২০১৫ চনৰ পৰা নিৰুদ্দেশ হয় সাংবাদিকগৰাকী৷ ভাৰতীয় লোকক সহায়ৰ বাবে ওলাই অহা মহিলা সাংবাদিকগৰাকীক পাকিস্তানৰ কট্টৰপন্থী সংগঠনে অপহৰণ কৰাৰ সন্দেহ কৰা হয়৷ ২৫ বছৰীয়া ফ্ৰিলাঞ্চ সাংবাদিকগৰাকীয়ে পাকিস্তানৰ বঞ্চিত, নিপীড়িত মানুহৰ হৈ কাম কৰিছিল৷ পাকিস্তানত নিৰুদ্দেশ হৈ থকা ভাৰতীয় নাগৰিক হামিদ আনছাৰীৰ সন্ধান উলিয়াবৰ বাবেও কাম কৰিছিল তেও৷

ছচিয়েল মিডিয়া যোগে হামিদ আনছাৰীৰ মাতৃ ফৌজিয়া আনছাৰীৰ সৈতে পৰিচিত হৈ পাকিস্তান উচ্চতম ন্যায়লয়ৰ মানৱ অধিকাৰ শাখাত জিনাতে আবেদন কৰিছিল হামিদক উদ্ধাৰ কৰাৰ স্বাৰ্থত৷ জিনাতৰ বাবেই পাকিস্তান প্ৰশাসনে ভাৰতীয় নাগৰিক হামিদক উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰিবলৈ বাধ্য হয়৷ পাকিস্তানৰ সুৰক্ষা এজেঞ্চিয়ে হামিদক তেওলোকে বন্দী কৰা নাই বুলি বাৰে বাৰে স্পষ্ট কৰে যদিও উদ্ধাৰৰ বাবে হেচা দি গৈছিল জিনাতে৷ ২০১৫ চনত পাকিস্তানৰ সেনা আদালতে চোৰাংচোৱা বুলি অভিহিত কৰি হামিদক তিনি বছৰৰ কাৰাদণ্ড বিহিছিল৷ কাৰাদণ্ডৰ ৰায় ঘোষনাৰ পিছৰে পৰা শুংসুত্ৰ নোহোৱা হয় হামিদৰ৷ তাৰ পিছতে সাংবাদিক জিনাত লাহোৰৰ পৰা নিৰুদ্দেশ হোৱাৰ লগতে ভাতৃ ছাদ্দামে আত্মহত্যা কৰে৷