
জোনাইঃ কেমি জেলম বাংকে আগম কৌবাঙৰ উদ্যোগত সোমবাৰে জোনাইৰ জেলম উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৩৩ তম মিচিং ভাষা দিৱস উদযাপন কৰা হয়।
পুৱা ৯.৩০ বজাত পতাকা উত্তোলনেৰে বাংকেৰ সভাপতি দেৱানন্দ পেগুই মিচিং ভাষা দিৱসৰ কাৰ্যসুচীৰ শুভৰাম্ভ কৰে৷ দিনৰ ১২.০০ বজাত বাংকেৰ সম্পাদক মহানন্দ দলেৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা৷
সভাত কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাধৱ চন্দ্ৰ পাৱ, অৱসৰপ্ৰাপ্ত শিক্ষক দত্তৰাম দলে, মালিৰাম দলে, জোনাই জিলা টি এম পি কেৰ শিক্ষা সম্পাদক বিনেশ পাতিৰ, এম এম কেৰ সহকাৰী সম্পাদক ৰুচিন দলে, বিপুল পেগু আৰু কেমি জেলম বাংকে টি এম পি কেৰ সভাপতি টাবু মিলি উপস্থিত থাকে৷
অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালী, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।