৭ দিনে ঘৰলৈ উভতি অহা নাই মাদ্ৰাছাৰ ছাত্ৰ হাইদৰ

মোৰাঝাৰঃ ২৯ জানুৱাৰীৰ পৰা এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত কাকী অঞ্চলত৷ কাকীৰ ৭নং চলচলি গাঁৱৰ বাসিন্দা মেকাই মিঞাৰ পুত্ৰ ১৬ বছৰীয়া হাইদৰ আলীয়ে ২৯ জানুৱাৰীৰ পুৱা ঘৰৰ পৰা ওলাই গৈ আজিলৈ ঘৰলৈ উভতি অহা নাই৷

যোৱা সাত দিনে পুত্ৰক বিচাৰি ব্যাকুল হৈ পৰিছে পিতৃ-মাতৃয়ে। জানিব পৰা মতে, ২৯ জানুৱাৰীৰ পুৱা ৮.৩০ বজাত মাদ্ৰাছালৈ যাম বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা হাইদৰ আলী নামৰ কিশোৰ জন নিৰুদ্দেশ হৈ আছে।

কিশোৰ জন নিৰুদ্দেশ হোৱা দুদিনৰ পিছতেই পিতৃয়ে কাকী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ কোনো লোকে কিশোৰগৰাকীৰ সম্ভেদ পালে পিতৃৰ ৭৬৬৩৮৮৬৬৮২ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়৷