
বঢ়মপুৰঃ ঘৰৰ পৰা ওলাই গৈ যোৱা ১১ দিনে ঘৰলৈ উভতি অহা নাই এগৰাকী কিশোৰী৷ ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে ঘৰলৈ উভতি নহাৰ লগতে পৰিয়ালে শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে৷ কিশোৰী নিৰুদ্দেশৰ এই ঘটনাই তীব্ৰ চাঞ্চলৰো সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিত।
চামগুৰিৰ কনুৱামাৰিৰ ১৫ বছৰীয়া কিশোৰীগৰাকী নিৰুদ্দেশ হৈ থকাত আশাংকৰ মাজত দিন অতিবাহিত কৰিছে পৰিয়ালটোৱে। এঘাৰ দিন পূৰ্বেই নিজ ভাতৃক বিদ্যালয়ৰ পৰা আনিবলৈ ঘৰৰ পৰা ওলাই গৈ পাপিয়া চেটাৰ্জী নামৰ কিশোৰীগৰাকী আজি পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।
কিশোৰীগৰাকীক অপহৰণ কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ঘটনা সংক্ৰান্তত আৰক্ষী থানাতো পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও চামগুৰি আৰু মোৱামাৰি আৰক্ষীৰ অনুসন্ধানৰ পিছতো কিশোৰীগৰাকীৰ কোনো শুংসুত্ৰ নোপোৱাত এতিয়া চৰম হতাশাত দিন পাৰ কৰিছে কিশোৰীগৰাকীৰ অভিভাৱক।