পিচিজিৰ জ্যেষ্ঠ সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান পৰেশ বৰুৱাৰ

ডিব্ৰুগড়ঃ পিচিজিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দেশ হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ আলফা চৰকাৰৰ শান্তি আলোচনাৰ অন্যতম হোতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ৰেৱতী ফুকন গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্য কালৰ ঘনিষ্ঠ বন্ধু আছিল ৰেৱতী ফুকন৷ 

জানিব পৰা মতে, ২২ এপ্ৰিলৰ পুৱাই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে আছে বুলি পুত্ৰ কৌশিক ফুকনে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই খবৰ লাভ কৰাৰ পিছতে পৰিয়াল যঠেষ্ঠ চিন্তিত হৈ পৰিছে৷ ৰেৱতী ফুকনৰ বৰ্তমালৈ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷

ৰেৱতী ফুকনৰ পুত্ৰ কৌশিকে জনোৱা মতে বিগত দুদিন ধৰি পিতৃৰ মোবাইল বন্ধ হৈ আছিল৷ হঠাৎ যোগসূত্ৰ নোহোৱা হৈ পৰাত তিনিচুকীয়া আৰু মুম্বাইত থকা পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে । তিনিচুকীয়াৰ পৰা মঙলবাৰে পুৱাই গুৱাহাটীৰ জোৰোডস্থিত গৃহত উপস্থিত হৈ পুত্ৰ কৌশিকে পিতৃক ঘৰত বিচাৰি নাপাই বিবুদ্বিত পৰে৷ 

আন এগৰাকী পুত্ৰ মুম্বাইৰ পৰা বিমান যোগে গুৱাহাটীলৈ আহি আছে৷ ফুকন হৃদৰোগতো আক্ৰান্ত বুলি পৰিয়ালে জানিবলৈ দিয়ে৷ চাবুৱাৰ জেৰাই গাঁৱৰ দীঘলীপথাৰৰ ৰেৱতী ফুকনৰ পিতৃ গৃহত তেওঁৰ ভাতৃ লক্ষ্যধৰ ফুকনে বসবাস কৰে। ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন তিনিচুকীয়াত থাকে।ইফালে গুৱাহাটীৰ জোৰোডস্থিত ফ্লেটতো পৰিয়ালৰ লোক নাথাকে। 

ৰেৱতী ফুকনৰ দুই জী আৰু পত্নী ৰেণু ফুকন সহ পৰিয়ালটো মুম্বাইতহে থাকে। বুধবাৰে পুৱা বিমান যোগে মুম্বাইৰ পৰা গুৱাহাটী পাবহি পৰিয়ালৰ সদস্যসকল৷ পুৱা সাত বজাত পুত্ৰ কৌশিক উপস্থিত হৈ ঘৰৰ দোৱাৰ খোলা আছিল যদিও শোৱনি কোঠাৰ তলা বন্ধ আছিল৷ 

ৰেৱতী ফুকনৰ ঘৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ ওৰফে পৰেশ অসমৰ গৃহৰ পৰা প্ৰায় মাত্ৰ পাঁচশ মিটাৰ নিলগত। বাল্য জীৱনৰ পৰাই দুয়োৰে ভাল সম্পৰ্ক থকা বুলি চৰ্চা লাভ কৰি আহিছে।

ৰেৱতী ফুকনৰ নিৰুদ্দেশ হোৱাৰ পিছতে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাতকৈ ৫ বছৰৰ ডাঙৰ আৰু মই ফুটবল খেলাৰ প্ৰেৰণা লাভ কৰাৰ কথা উল্লেখ কৰে৷