১৩ বছৰে ৰাকেশক কিয় বিচাৰি ফুৰিছে পুলিনে?

খেৰণিঃ এখন দোকান৷ দোকান বুলি কলে আচলতে ভুলকৈ কোৱা হ’ব৷ টিনৰ ছালিৰ তলত কেইটামান বৈয়ামসহ এগৰাকী লোকে বুকুত অযুত দুখ লৈ সময়বোৰ অতিবাহিত কৰি আহিছে৷ মানুহগৰাকীয়ে হয়তো অকলশৰীয়াকৈ থাকিব নোৱাৰা হৈছে৷ কিয়নো তেওঁৰ বুকুত একুৰা শোকৰ জুই উমি উমি জ্বলি আছে৷ একালৰ সুঠাম শৰীৰৰ মানুহগৰাকীৰ লাহে লাহে যেন পৃথিৱীৰ প্ৰতি মোহ নোহোৱা হৈছে৷ সংসাৰখনৰ তাগিদাত তেওঁ যেন পৰিয়ালৰ লোকসকলৰ বাবেহে জীয়াই আছে৷

মানুহগৰাকীয়ে এখন ফটো আজিও সযতনে ৰাখি থৈছে৷ সেই ফটোখন মানুহগৰাকীৰ সম্পত্তি৷ যিখন ফটো চাই চাই তেওঁ প্ৰতিপল অতিবাহিত কৰে৷ তেওঁৰ যেন জীয়াই থকাৰ সম্বল কেৱল ফটোখনেই৷ কেতিয়াবা ফটোখন বুকুৰ মাজত লৈ হিয়া ঢাকুৰি কান্দে মানুহগৰাকীয়ে৷ ফটোখন হাতত লৈ তেওঁ যেন ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰি মানুহক সুধি ফুৰিব মোৰ সন্তানটোক দেখিছেনে? মোৰ সন্তানটোক আপুনি আনি দিব পাৰিবনে? দিকবিদিক হেৰুৱাই পেলাইছে মানুহজনে৷

হাতত এখন ফটো লৈ জীৱন যুদ্ধত হাৰি হাৰি জীয়াই থকা মানুহ জন হৈছে পুলিন দাস৷ দিহিঙে-দিপাঙে ঘূৰি বিচাৰি ফুৰি ঘৰলৈ উভতি আনিব খোজে তেওঁৰ মৰমৰ পুত্ৰক৷ সেমেকা চকুৰে বাটেৰে যোৱা মানুহবোৰৰ ফালে চাই ৰয়৷ জানোচা মোৰ পুত্ৰ সেই বাটেৰে মোক বিছাৰি আহেই৷ ফটোখন লৈ এজনৰ পিছত এজনকৈ মানুহক যেন সুধিব "মোৰ এই ল'ৰাটোক ক'ৰবাত দেখিছে নেকি?" ২০০৪ চনতেই  ঘৰৰপৰা ওলাই গৈছিল,কিন্ত ঘূৰি নাহিল আৰু, সঁচাকৈয়ে নাহিল৷ আজিলৈকেও দেখোন ঘৰলৈ উভতি নাহিল মোৰ সন্তান ৰাকেশ" অশ্ৰুসিক্ত নয়নেৰে এই কথা কলে এগৰাকী পিতৃয়ে।

দুৰ্ভগীয়া এই মানুহজনৰ নাম পুলিন দাস৷ একালৰ সপোনৰ ঘৰখনত ১৩ বছৰে নাই তেওঁৰ পুত্ৰ৷ জীৱনৰ শেষ সময়ত অন্তৰে হাহাকাৰ কৰে পুত্ৰ ৰাকেশৰ বাবে৷ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ আমতলাৰ পুলিন দাস আৰু ৰেণুৱালা দাসৰ ১৫ বছৰ বয়সতে পুত্ৰ ৰাকেশে ঘৰৰ পৰা ওলাই গৈছিল। যি ওলাই গ’ল সুদীৰ্ঘ ১৩ বছৰে সন্ধানহীন হৈ থাকিল পুত্র৷ সন্তানৰ এধানি মৰম, সেৱা আৰু শ্ৰদ্ধাৰে সকলো পিতৃ-মাতৃয়ে নিজৰ বুকুখন উমাল কৰি ৰাখিব খোজে। প্ৰতিগৰাকী পিতৃ-মাতৃয়ে জীৱনৰ অন্তিমটো ক্ষণত সন্তানৰ সহানুভূতি আৰু সন্তানক জীৱনৰ সংগী হিচাবে সদায় পাব বিচাৰে।

এনেবোৰ আশা আৰু কল্পনাই যেতিয়া বাস্তৱ ৰূপ লয় তেতিয়া প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানক ডাঙৰ-দীঘল কৰাৰ যন্ত্ৰণা পাহৰি পেলায়৷ দৰিদ্ৰতা হওঁক নতুবা আন কোনো কাৰণতেই হওঁক কেইবাটাও সন্তান থকাৰ পাছতো ১৫ বছৰ বয়সতে ঘৰৰ পৰা ওলাই যোৱা ৰাকেশৰ চিন্তাই বাৰে বাৰে আহে মানুহজনৰ মনলৈ৷ ৰাকেশৰ বৃদ্ধ পিতৃ পুলিন দাসে খেৰণিৰ দৈনিক বজাৰত চানা-চতপতি বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়ে৷ বৃদ্ধ বয়সতো পৰিয়াল পোহপাল দিয়াৰ নিমিত্তে নিজকে ব্যস্ত ৰাখিবলৈ বাধ্য হোৱা পিতৃগৰাকীয়ে জীৱনৰ শেষ সময়ছোৱাত আন তিনিগৰাকী পুত্ৰৰ উপৰিও ৰাকেশ দাসৰ মুখখন চাব বিছাৰে৷

পুত্ৰৰ মুখখন চাবলৈ আজিও ব্যাকুল পুলিন দাসে। আৱেগত ছটফটাই ভাঙি পৰা মানুহগৰাকীয়ে ৰাকেশৰ ফটোখনকে হাতত লৈ মোৰ ল'ৰা অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ নেফা নামৰ ঠাইত আছে বুলি কৈ নিজৰ মনত পুহি ৰখা সন্দেহৰ কথা ব্যক্ত কৰে। সুদীৰ্ঘ ১৩ বছৰেই কোনো লোকৰ সহায় অথবা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত নকৰাকৈ মৌন-হাহাকাৰ কৰা লোকগৰাকীয়ে অৱশেষত বেদনাগধূৰ বোজা সহিব নোৱাৰি সাংবাদিকৰ সহায় বিচাৰিলে৷ কোনো লোকে ৰাকেশ দাসৰ সম্ভেদ পালে ৮৪৭১৮৩৮৮৯১ নম্বৰত যোগাযোগ কৰি পিতা-পুত্ৰৰ মহামিলন হোৱাত সহায় কৰিব পাৰে৷