ক'লৈ গ'ল ঠেলামৰাৰ দশম শ্ৰেণীৰ ১৫ বছৰীয়া ছাত্ৰী তাৰা দেৱী

ঢেকীয়াজুলিঃ ৰাজ্যত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতন, হত্যা, ধৰ্ষণ আৰু নিৰুদ্দেশৰ ঘটনা ৷ ৰাজ্যত  নাৰী এতিয়া নাৰী যেন সুৰক্ষিত নহয়। তাৰ মাজতে, শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঔবাৰী গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰী বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নিৰুদ্দিষ্ট কিশোৰী গৰাকী হৈছে ঔবাৰী গাঁৱৰ  মদন ছেত্ৰীৰ কন্যা তাৰা দেৱী ৷ তাৰা দেৱী ঠেলামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৷ উল্লেখ্য যে কিশোৰী গৰাকীয়ে ঠেলামৰা ঔবাৰীৰ খুড়াক কৃষ্ণ ছেত্ৰীৰ বাসগৃহত থাকি অধ্যয়ন কৰিছিল৷ 

জানিব পৰা মতে ১৭ জানুৱাৰীত ছাত্ৰীগৰাকীয়ে ঠেলামৰা হাইস্কুলত বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট ল’বলৈ ঘৰৰ পৰা ওলাই আহি আজিলৈ ঘৰলৈ উভতি অহা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও তাৰা দেৱীৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। অৱশেষত ঠেলামাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।

এই সন্দৰ্ভত আৰক্ষীয়ে ঠেলামৰা আৰক্ষী চকীত এক গোচৰ পঞ্জীয়ণ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখাৰ পৰলৈকে ছাত্ৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

কিন্তু আশ্চৰ্যজনক ভাৱে ছাত্ৰী গৰাকী নিৰুদ্দেশ হোৱাত পৰিয়াল তথা আৰক্ষীয়ে এইয়া অপহৰণ নে আন কিবা ঘটনা সেয়া এতিয়াও নিশ্চিত হ’ব পৰা নাই ৷

পৰিয়ালৰ লোকে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীৰ সম্ভেদ লাভ কৰিলে ৮২৫৯৮৬২৩৫৫ আৰু ৯৮৫৬৯৪৭৮০৩ নম্বৰত যোগাযোগ কৰিবলৈ অাহ্বান জনাইছে ৷