
দুলিয়াজানঃ বিজয়া দশমীৰ আনন্দ উলাহৰ মাজতে দুলিয়াজানত প্ৰতিমা বিসৰ্জন দিবলৈ গৈ এজন যুৱক নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দুলিয়াজানৰ বৰুৱা তিনিআলিত শনিবাৰে দেৱী দুৰ্গাক বিদায় দিবলৈ শ শ লোক সমবেত হৈছিল৷ টিপলিং দিহিং নৈত দেৱীক বিসৰ্জন দিয়াৰ সময়ত বৰুৱা তিনিআলি নিৱাসী ৰাজেন্দ প্ৰসাদ আগৰৱালাৰ দ্বিতীয় পুত্ৰ সুমেশ আগৰৱালা নৈৰ পানীত ডুব যায়৷
নৈৰ সোতে যুৱকজনে তৎমুহূৰ্ততে দুৰলৈ লৈ যোৱাত হুৱাদুৱা লাগে৷ স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযোন অব্যাহত ৰাখিছে যদিও যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷