ঘৰৰ পৰা কলেজলৈ ওলাই গৈ ৭৫ ঘন্টা ধৰি উভতি নাহিল হালিমাই

লিডুঃ যোৱা ৭৫ ঘন্টা ধৰি শুংসুত্ৰ নাই এগৰাকী কলেজীয়া ছাত্ৰীৰ৷ কলেজলৈ ওলাই গৈ যোৱা তিনিদিন ধৰি উভতি অহা নাই ছাত্ৰীগৰাকী৷ 

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ গাঁৱৰ জমিৰ আলীৰ কন্যা তথা লিডু মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী হালিমা বেগম যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে৷

মহাবিদ্যালয় খনৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় বুলি পৰিয়ালে জানিবলৈ দিয়ে৷ ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা জমিৰ আলীৰ পৰিয়ালটোৱে লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই যুৱতীগৰাকীয়ে৷

যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা জমিৰ আলীৰ পৰিয়ালটোৱে চিন্তাত দিন পাৰ কৰিছে৷ ছাত্ৰীগৰাকীৰ কোনো লোকে সম্ভেদ পালে ৭৫৭৭৯৬৬৯৬৯, ৮১৩৩৯৬১৯২০ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনায়৷