চি-৭ কি? পেট্ৰল নোহোৱাকৈ চলে গাড়ী, উত্তৰ শালমাৰা মহকুমাত কোনে চলাই ব্যৱসায়?

অভয়াপুৰীঃ নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাত অব্যাহত আছে ভেজাল পেট্ৰলৰ ৰমৰমীয়া ব্যৱসায়৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ একাংশ নিৰ্দিষ্ট এলেকাত কম মূল্যৰ ইন্ধন এবিধ ব্যৱহাৰ কৰি ভেজাল পেট্ৰলৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, পেট্ৰলৰ সৈতে চি-৭ নামৰ এবিধ ইন্ধন মিহলাই এচাম কলা ব্যৱসায়ীয়ে কম মূল্যতে চোৰাং ভাৱে মহকুমাটোৰ বিভিন্ন স্থানত গোপন ঘাটিত মজুত কৰি বিক্ৰী কৰি আহিছে৷

বিশেষ ধৰণৰ পাউদাৰ মিহলি কৰাৰ পিছতে এনে ইন্ধনবিধে পেট্ৰলৰ ৰং লয়। পিছত মহকুমাটোৰ সদৰ অভয়াপুৰীকে ধৰি লালমাটি, মালেগড়, গণেশপুৰ, দুৰামাৰী, লতিবৰী, হৰিপুৰ কুশবাৰী, বৰজানা, বাতাবাৰী, পিৰাধৰা, খোৰাগাঁও, কলবাৰী, আমগুৰী, লেংটিছিঙা, ৰঙাপানী, সৃজনগ্ৰাম, বৰঘোলা, টাপাট্টাৰী আদি অঞ্চলত খুচুৰা ব্যৱসায়ীৰ ওচৰত কম মূল্যৰ এই ইন্ধনবিধ বিক্ৰী কৰি অহাক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

স্থানীয় সূত্ৰে জানিবলৈ দিয়া মতে এনে ইন্ধনবিধ খুচুৰা ব্যৱসায়ীৰ ওচৰত ৫৫-৬০টকাত প্ৰতি লিটাৰত বিক্ৰী কৰাৰ পিছত খুচুৰা ব্যৱসায়ীয়ে ৮০ টকা পৰ্যন্তত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি আহিছে। মুকলিভাৱে চি-৭ নামৰ ইন্ধনবিধ পেট্ৰল হিচাপে বিক্ৰী কৰি লাখ লাখ টকাৰ ব্যৱসায় চলাই অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াত সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, এনে ইন্ধনৰ প্ৰতি লিটাৰ মূল্য ৩৮ টকাৰ পৰা ৪০টকা হোৱাৰ পিছতো ৰং সানি পেট্ৰল হিচাপে প্ৰতি লিটাৰ ৮০ টকা পযৰ্ন্ত মুকলি বজাৰত বিক্ৰী হোৱাত প্ৰতিদিনে ক'লা ব্যৱসায়ীয়ে লাখ লাখ টকা উৰ্পাজন কৰি আহিছে।

বিশেষ সূত্ৰে জানিব পৰামতে সমগ্ৰ ক'লা ব্যৱসায়ৰ গুৰিবঠা ধৰিছে ধুবুৰী আৰু গোৱালপাৰা জিলাৰ দুই ব্যৱসায়ীয়ে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জনৈক বাদশ্বাহ আৰু গোৱালপাৰা জিলাৰ মুন্সিয়ে এনে ইন্ধন মহকুমাটোলৈ সৰবৰাহ কৰি আহিছে। দুই ব্যৱসায়ীয়ে বিশেষকৈ মহকুমাটোৰ গ্ৰাম্য পথ ব্যৱহাৰ কৰ অভয়াপুৰী নিকটৱৰ্তী কেতবোৰ স্থানত একাংশ ব্যৱসায়ীৰ ওচৰত ইন্ধনবিধ পাইকাৰী হিচাপত বিক্ৰী কৰে।

বিশেষ সূত্ৰেটোৱে জানিবলৈ দিয়া মতে, অভয়াপুৰীৰ নিকটৱৰ্তী হীৰাপাৰাৰ জনৈক জয়নালৰ লগতে মধ্য আমগুৰি,পশ্চিম আমগুৰি, হৰিপুৰ আদিৰ লগতে মহকুমাটোৰ আন আন অঞ্চলতো এনে ভেজাল ইন্ধনৰ অবৈধ ঘাটি স্থাপন কৰিছে। ঘাটিবোৰত দৈনিক হাজাৰ হাজাৰ লিটাৰ চি-৭ নামৰ ইন্ধনত ৰং সানি পেট্ৰল হিচাপে প্ৰস্তত কৰি আহিছে। ঘাটিবোৰৰ পৰা দৈনিক সৰবৰাহ হৈ আহিছে আন আন অঞ্চললৈ।এনে ইন্ধন কঢ়িয়াবলৈ টাটা মোবাইল জাতীয় সৰু বাহন ব্যৱহাৰ কৰি আহিছ। এনেদৰে অবৈধভাৱে গ্ৰাহকক ৰামঠগন দি ভেজাল পেট্ৰলৰ ৰমৰমীয়া ব্যৱসায় চলি অহাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এনে ভেজাল ইন্ধনৰ অবৈধ ঘাটি তথা ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনায় ৰাইজে।