শিক্ষকতা গুণ ঈশ্বৰ প্ৰদত্ত, দৌলাশাল হাইস্কুলত শিক্ষকৰ ৰূপত বিধায়ক নাৰায়ণ

নলবাৰীঃ গুণোৎসৱে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়াক ক্ষন্তেকৰ বাবে হলেও শিক্ষক হ’বলৈ বাধ্য কৰালে৷ একপ্ৰকাৰ শিক্ষক হোৱাৰ সৌভাগ্য হ’ল মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, আমোলা-বিষয়াৰ৷  তাৰ মাজতে শিক্ষকৰ ৰূপত দেখা গ’ল নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাক৷ নলবাৰীৰ জিলাৰ দৌলাশাল হাইস্কুলত শিক্ষকৰ ৰূপত দেখা গ’ল বিধায়ক নাৰায়ণ ডেকাক।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত এম এচ ডি পি আঁচনিৰ অধীনত ১১,২৬,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিৰিক্ত শ্ৰেণী কোঠাৰ বুধবাৰে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। শ্ৰেণী কোঠা উদ্বোধন কৰি নাৰায়ণ ডেকাই ষষ্ঠ শ্ৰেণীৰ ক-শাখাৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে।

বিধায়ক ডেকাই ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ জ্ঞানৰ আভাস দিয়াৰ লগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহম লিংকন আৰু ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামৰ জীৱন সন্দৰ্ভত সাৰুৱা বক্তব্য আগবঢ়ায়৷ বিধায়কৰ উপস্থিতিত নতুন শ্ৰেণী কোঠাত পাঠদানৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ শিক্ষক গুৰুচৰণ পাঠকে। সহ শিক্ষক গণেশ তালুকদাৰে আঁতধৰা উদ্বোধনী অনুষ্ঠানত হাইস্কুলখনৰ প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই বিদ্যালয়খনৰ অভাৱ-অভিযোগসমূহ বিধায়কগৰাকীক অৱগত কৰায়।

পূৰ্বে দৌলাশালস্থিত শ্ৰীশ্ৰী কানাই-বলাই আদি থান সত্ৰত বিধায়ক পূঁজিৰ অধীনত নিৰ্মাণ হ'বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। ছাত্ৰ ছাত্ৰীক পাঠদান কৰি "মই কেতিয়াও শিক্ষক হ'ব নোৱাৰো। শিক্ষক নিজে গঢ়া বস্তু নহয়, শিক্ষকতা গুণটো ঈশ্বৰ প্ৰদত্ত" বুলি মত ব্যক্ত কৰে বিধায়ক ডেকাই৷