
মাৰ্ঘেৰিটাঃ ফেচবুকত এতিয়া যাৰ যি মন যায় তাকেই আপডেট দিব পৰা হৈছে৷ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে ফেচবুকক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এইবাৰ অসমৰ এগৰাকী বিধায়কক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰে এগৰাকী সাধাৰণ যুৱকে৷
উজনিৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰি ফেচবুকত আপডেট দিয়া যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ ছ'চিয়েল মিডিয়াক অপব্যৱহাৰ কৰি তিনিচুকীয়া জিলাৰে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুনৰ প্ৰাঞ্জল চুতিয়া নামৰ যুৱকজন আৰক্ষীৰ জালত পৰিব লগা হৈছে৷
যুৱকজনে নিজৰ ফেচবুকত একাউন্টত বৃহস্পতিবাৰে দিনৰ ৪ বাজি ১৯ মিনিটত বিধায়কগৰাকীৰ বিৰুদ্ধে এটা পোষ্ট দিয়ে৷ পোষ্টটোত প্ৰাঞ্জলে কয় ‘‘ভাস্কৰ শৰ্মা 7/4/2018 তাৰিখ মই মাৰ্ঘেৰিটাত তাৰ ঘৰত বম দি ঘৰতো উৰাই দিম৷ নহলে মাঘেৰিটাত নেপালী খিনি বেছি তওঁ হইছে’’৷ পোষ্টটো দিয়াৰ পিছতেই একাংশ লোকে যুৱকজনক উভতি ধৰি নানান প্ৰশ্ন কৰে৷
কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰা পোষ্টটোৰ বিৰুদ্ধে বিধায়ক ভাস্কৰ শৰ্মাৰ লোকে আৰক্ষীক এজাহাৰ দাখিল কৰে৷ লেখাপানী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাই প্ৰাঞ্জল চুতিয়া আৰু দীপক বৰগোহাঁই নামৰ আন এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷ দুয়োৰে ঘৰ জাগুনৰ ৰামনগৰত বুলি জানিব পৰা গৈছে৷
পোষ্টটোত বিধায়ক শৰ্মা বুলি উল্লেখ নাই যদিও বিধায়কৰ শুভকাংক্ষীয়ে বিধায়ক ভাস্কৰ শৰ্মাক উদ্দেশ্যি পোষ্টটো দিয়া বুলি সন্দেহ কৰা হৈছে৷