বিধায়ক নাৰায়ন ডেকাৰ সমষ্টিবাসীৰ সৈতে মত বিনিময়

নলবাৰীঃ নলবাৰী জিলাৰ ৬০নং বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫২ (৬)নং গাঁও পঞ্চায়তৰ পোৰাকুছি (পশ্চিম পাৰ) গাঁওৰ কৃষ্ণ মন্দিৰ প্ৰাংগণত স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই।

বিধায়ক ডেকাই ইয়াৰ ৰাইজৰ লগত সাক্ষাৎ গ্ৰহণ কৰে। সেই অঞ্চলৰ খেতিয়কৰ লগত মত-বিনিময় কৰি তেওঁলোকে মুখামুখি হোৱা সমস্যা সমূহ দূৰ কৰাৰ বাবে অপৰিহাৰ্য্য চেষ্টা কৰি যাব বুলি সংকল্পবদ্ধ হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। অঞ্চলটোৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত বুজ লয় বিধায়ক গৰাকিয়ে৷