
নলবাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত শনিবাৰে NRC সন্দৰ্ভত সভা অনুষ্ঠিত কৰি বিধায়ক নাৰায়ণ ডেকাই কলে ভাৰতীয় নাগৰিকে শংকিত হোৱাৰ কোনো কাৰণ নাই৷ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ চৰ অঞ্চলৰ ভাংনামাৰীত এনআৰচি সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি সংখ্যলঘু মুছলমানক কোনো ভয় নাই বুলি কয় বিধায়ক ডেকাই।
সভাত স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ লগতে নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা সহ কেইবাজনো প্ৰশাসনিক বিষয়া উপস্থিতত থাকে। বিধায়ক নাৰায়ণ ডেকাই প্ৰকৃত ভাৰতীয় নাগৰিকে শংকিত হোৱাৰ কাৰণ নাই বুলি কৈ মাথো এচাম সমাজ বিৰোধী শক্তিয়ে ভুৱা প্ৰচাৰ চলাই আছে আৰু তাক গুৰুত্ব নিদিব বুলি স্পষ্ট কৰে৷
সভাত জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে কোনো ভাৰতীয় লোকে এন আৰ চি প্ৰকাশ হোৱাৰ পিছত ৰৈ গলেও নাম অন্তৰ্ভুক্ত কৰিবলৈ সুযোগ পাব। মিছাতে এনে অপপ্ৰচাৰক বিশ্বাস নকৰিব বুলি কয় ৰাইজক। সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্যই এন আৰ চিৰ বাবে শংকিত হবলগা কোনো কাৰণ নাই, যদি ভাৰতীয় নাগৰিক হয় তেন্তে এনআৰচিত নাম নথকা বা ৰৈ গলে সুযোগ নোপোৱা সকলে এনেও অসম ত্যাগ কৰিব লাগিব বুলি কয়। তদুপৰি ভুৱা প্ৰচাৰ এন আৰ চিক বাধা দিয়া সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা লব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে ভাষনত দোহাৰে।