ৰঙা লাইটৰ লোভত বিধায়ক, ৰাজপথত বিচাৰি ফুৰিছে মন্ত্ৰিত্ব

জনতাৰ সেৱাৰ বাবে নহয়, মন্ত্ৰী হৈ ৰঙা লাইটৰ কনভয়ত ঘুৰিবলৈ লাগে মন্ত্ৰিত্ব

মৰিগাঁওঃ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ লোভত পৰিছে ৰাজ্য চৰকাৰৰ বহুকেইজন বিধায়ক৷ ৰাইজৰ সেৱাতকৈ ক্ষমতাক অগ্ৰাধিকাৰ দিয়া এই বিধায়কসকলৰ সাংগো-পাংগোয়ে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে৷ তাৰ কাৰণ হ’ল দুদিন পূৰ্বে ঘোষিত হোৱা সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ৷ ৰাজ্য চৰকাৰৰ নৱ সম্প্ৰসাৰিত মন্ত্ৰীসভাত স্থান লাভ কৰিছিল ছুম ৰংহাং, সিদ্ধাৰ্থ ভট্টাচাৰ্য, পিয়ুষ হাজৰিকা, ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্ম, তপন গগৈ আৰু ভৱেশ কলিতাই৷ ইয়ৰে দুজন মন্ত্ৰী মিত্ৰজোঁট অগপ আৰু বিপিএফৰ৷ 

কিন্তু ইয়াৰ পিছতেই শাসকীয় বিজেপিত প্ৰতিবাদৰ টো উঠে ৷ বিজেপিৰ দুজন বিধায়কে দলীয় দায়িত্ব আৰু নিকাই নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে৷ এক প্ৰকাৰ বিজেপিৰ ভিতৰচৰাত ধুমুহাৰ সৃষ্টি হয়৷ সমানে সমানে বিজেপিৰ সহযোগী দলৰ মন্ত্ৰীৰ পদ কৰ্তন কৰাতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

কোৱা বাহুল্য মধ্য অসমৰ এগৰাকী বিধায়কৰ সমৰ্থকে বাতুলামিৰ সকলো সীমা অতিক্ৰম কৰে৷ তেওঁলোকৰ বিধায়কে মন্ত্ৰিত্ব লাভ নকৰাত ক্ষোভিত হৈ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাজপথলৈ ওলাই আহে৷ যাৰ ফলত ৰাজ্যৰ শাসকীয় দলটোৱে শলঠেকত পৰাৰ লগতে ক্ষমতাপিপাসু বিধায়কে তীব্ৰ সমালোচনাৰ সন্মুখূন হৈছে৷ মন্ত্ৰীত্ব লাভ নকৰাত কেইবাগৰাকীও বিধায়ক বিতুস্ত হৈ পৰা দেখিবলৈ পোৱা যায়৷

বিশেষকৈ বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকা, বিজেপি নেতা তথা বিধায়ক প্ৰশান্ত ফুকন, বৰাকৰ বিজেপিৰ সংখ্যালঘু নেতা তথা সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, দিছপুৰৰ বিধায়ক অতুল বৰা, হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিধায়কে মন্ত্ৰিত্ব লাভ নকৰাত দলৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে৷ 

ইফালে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা জনগোষ্ঠাৰ নেতা ৰমাকান্ত দেউৰীক মন্ত্ৰিত্ব প্ৰদান নকৰতা মৰিগাঁৱত ক্ষোভৰ উদগিৰণ হোৱা দেখা যায়৷ বিধায়কগৰাকীক মন্ত্ৰীত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত মৰিগাঁও জিলাৰ কেইবাটাও জনগোষ্ঠীয় সংগঠনে শুকুৰবাৰে পুৱাৰ পৰা ১২ ঘন্টীয়া অসমবন্ধৰ দাবী জনাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ জিলাখনত বন্ধৰ নামত সংগঠনৰ একাংশই ৰাজপথত যধে মধে পথচাৰী, যানবাহনৰ ওপৰত আক্ৰমণ চলায়।

আনহাতে এই আক্ৰমণকাৰীসকল বিধায়ক ৰমাকান্ত দেউৰীৰ অনুগত হোৱাৰ স্বাৰ্থতেই জিলা প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ এগৰাকী বিধায়কক মন্ত্ৰিত্ব প্ৰদান নকৰাৰ লৈ এনেদৰে পথ ৱৰোথ কৰি অত্যাচাৰ চলোৱাৰ দৃশ্যই সৰ্বসাধাৰণক বিতুষ্ট কৰি তুলিছে৷

কথা হ’ল, ৰাইজৰ সেৱা কৰিবলৈ কিয় লাগে মন্ত্ৰীৰ আসন৷ বিধায়ক হৈ জানো জনসাধাৰণৰ সেৱা কৰিব নোৱাৰি? নে জনতাৰ সেৱাৰ আঁৰত মন্ত্ৰিত্ব লাভেৰে নিজক ধনী কৰাৰহে সুযোগ বিচাৰিছে এইসকল বিতুষ্ট বিধায়কে৷ ক্ষমতাৰ ৰাজনীতিত পদ দখল কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিে নেকি স্বাৰ্থলোভী বিধায়কসকলে৷ সেয়া লৈ এতিয়া সাধাৰণ জনতাৰ মনত প্ৰশ্নৰ উদয় হৈছে৷