
গোৰেশ্বৰঃ অসম বিধান সভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটি প্ৰতিনিধি দল মঙলবাৰে ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰত উপস্থিত হৈ বিভিন্ন আঁচনি পৰিদৰ্শন কৰে৷ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত পুৱাই ৭ গৰাকী বিধায়ক উপস্থিত হয় গোৰেশ্বৰত৷ স্থানীয় বিধায়কৰ নেতৃত্বত মঙলবাৰে বিধায়কৰ প্ৰতিনিধি দলটো হঠাৎ উপস্থিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় গোৰেশ্বৰত৷ মঙলবাৰে পুৱাৰ ভাগতে বিধায়কৰ দলটো গোৰেশ্বৰত উপস্থিত হোৱাত একাংশ বিষয়া-অভিযন্তা, ঠিকাদাৰৰ মাজত হৈ চৈ লাগে৷
এটি বিশেষ সুত্ৰ পৰা জানিব পৰা মতে, মুলত শুক্লা জলসিঞ্চন সংমণ্ডলৰ নতুনকৈ নিৰ্মাণ কৰা আঁচনি আৰু মেৰামতি কৰা পুৰণি আঁচনি সমূহ পৰিদৰ্শন কৰিব বিধান সভাৰ হিচাপ সমিতিয়ে৷ ৰঙিয়া সমষ্টিৰ বিটিএডি এলেকাৰ অধিনৰ গোৰেশ্বৰ অঞ্চলত কোটি কোটি টকা লুন্ঠন হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ পানী যোগান আঁচনি নিৰ্মাণৰ নামত কোটি কোটি টকা খৰছ কৰি আঁচনি নিৰ্মাণ কৰাৰ পাছতো আজিলৈ গ্ৰাম্য অঞ্চলৰ লোকেসকলে এটুপি পানী খাবলৈ পোৱা নাই ৰাইজে৷ হাবি-জংঘলে আৱৰি ৰাখিছে পানী যোগান আঁচনিসমূহ৷

কৃষি খণ্ডৰ ক্ষেত্ৰতো একেই অৱস্থা৷ কৃষকে কোনো দিনে সাৰ-বীজ নোপোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ গড়কাপ্তানি পথসমূহত গাড়ী-মটৰ চলাচল কৰিব পৰা অৱস্থা নাইকীয়া হৈছে৷ গোৰেশ্বৰ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত বিভিন্ন আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত হৈ অহাৰ পাছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ গোৰেশ্বৰত বিয়াগোম কেলেংকাৰি সংঘটিত হোৱা কাৰ্যালয়টো হ’ল শুক্লা জলসিঞ্চন সংমণ্ডল৷ সংমণ্ডলটোত যোৱা ১১ টা বছৰত কোটি কোটি টকা চৰকাৰে আৱন্টন দিয়াৰ পাছতো কৃষকে খেতি পথাৰত এটুপি পানী নোপোৱাত হাহাকাৰ কৰিব লগা হয় খেতিয়ক সকলে৷
একাংশ ঠিকাদাৰ, বিষয়া-অভিযন্তাৰ অঙহী-বঙহীৰ নামত কোটি কোটি টকাৰ ঠিকা আৱন্টন দি ধন শৰাধ কৰি অহা বুলি অভিযোগ উত্থাপিত হয়৷ সংমণ্ডলটোৰ অধিনত প্ৰায় ৩০০ কোটি টকাৰ নতুন আঁচনি ৰূপায়ণ কৰা হৈছে যদিও ব্যাপত দুৰ্নীতি সংঘটিত হোৱাৰ লগতে যোৱা দহ বছৰত কেবাগৰাকী কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা, শাখা বিষয়া আৰু ঠিকাদাৰে কোটি কোটি টকা শৰাধ কৰা বুলি সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷ একাংশ ঠিকাদাৰে কোটি কোটি টকাৰ ওৱাৰ্ক অৰ্দাৰ লৈ কাম সম্পূৰ্ণ নকৰাকৈয়ো বিল লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত অভিযোগ উত্থাপিত হৈ অহাৰ পাছতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল৷ গোৰেশ্বৰৰ ৰাইজে বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে এই বিষয়সমূহ গুৰুত্ব আৰোপ কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ আহ্বান জনায়৷ আনহাতে আজি পুৱাই বিধায়কৰ দলটো গোৰেশ্বৰলৈ আহি থকাৰ খবৰ লাভ কৰাৰ পিছতে গোৰেশ্বৰ আঞ্চলিক আছু আৰু আক্ৰাছুৱে গোৰেশ্বৰ আৰক্ষী থানাৰ সমীপত বিধায়কৰ কনভয় ৰখাই বিভিন্ন অভিযোগ দিয়ে৷ এখন স্মাৰক পত্ৰ প্ৰদান কৰি সংগঠন দুটাই চাৰিআলি ৰামগাঁও-নাগ্ৰীজুলি গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷
আক্ৰাছুৰ নেতা শংকৰ ৰাজবংশী, আছু নেতা ডিম্পল ডেকা, প্ৰাক্তন আছু নেতা দিপেন শৰ্মাই স্মাৰত পত্ৰ প্ৰদান কৰি ঠিকাদাৰ প্ৰভূ আগৰৱালাই চাৰিআলি ৰামগাঁও-নাগ্ৰিজুলি গড়কাপ্তানি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ পাছতো ৰাজ্য চৰকাৰে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷ ৰাজ্যৰ আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই ৰাইজ, প্ৰশাসন আৰু বন বিভাগৰ চকুত ধূলি দি বনজ সম্পদ ধ্বংস কৰি চোৰাংকৈ বালি-শিল সৰবৰাহ কৰি থকা বুলি অভিযোগ উত্থাপন কৰি সংগঠন দুটাই৷ বাক্সা-কামৰূপ জিলাৰ গুৰুত্বপূৰ্ণ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ সুবাদতে ক্ৰেছাৰ মেচিন বহুৱাই ঠিকাদাৰগৰাকীয়ে ৰাজ্যৰ আন ঠাইলৈ শিল বালি কঢ়িওৱা বুলি কয়৷

বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল বালি ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নৈৰ পৰা সংগ্ৰহ কৰাৰ বাবে অনুমতি লয় ঠিকাদাৰগৰাকীয়ে। কিন্তু ঠিকাদাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি পথটোৰ গইনা লৈ দিনে নিশাই ডাম্পাৰেৰ সৰবৰাহ কৰিছে বালি-শিল৷ ক্ৰেছাৰ বহুৱাই বালি শিল পথটোত নেপেলায় ৰাজ্যৰ আন প্ৰান্তলৈ সৰবৰাহ কৰে৷ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথটোৰ জৰাজীর্ণ অৱস্থাৰ বাবে ৰাইজে প্ৰতিবাদ কৰি অহাৰ অন্তত বিশ্ববেংকৰ ৭০ কোটি টকাৰে নিৰ্মাণ কৰাৰ আঁচনি লয় চৰকাৰে৷
৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰে আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই। পথটো লেহেমীয়া গতিৰে নিৰ্মাণ কৰি তাৰ বিপৰীতে ৰাজ্যত শিল-বালিৰ নাটনিৰ অজুহাত দেখুৱাই বাক্সা জিলাৰ বন বিভাগৰ অধিনৰ শিল-বালি কৰ ফাঁকিৰে সৰবৰাহ কৰি থকা কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে ৰাইজৰ। ২০১৬ চনৰ ২৩ ফেব্ৰুৱাৰীত সেই সময়ৰ কমলপুৰৰ বিধায়ক যাদৱ ডেকাৰ উপস্থিতিত সংসদীয় সচিব মণিলাল গোৱালাই ৰঙিয়া গড়কাপ্তানি পথ সংমণ্ডল আৰু গোৰেশ্বৰ গড়কাপ্তানী উপ-সংমণ্ডলৰ অধীনৰ পথটো বাইহাটা চাৰিআলিত শুভাৰম্ভ কৰে।

১৭ মাহ অতিক্ৰম কৰি যোৱাৰ পিছতো পথটোৰ নিৰ্মাণ শামুকীয়া গতিৰে কৰাৰ অভিযোগ উত্থাপন হয় প্ৰভূ আগৰৱালাৰ বিৰুদ্ধে। আনহাতে ৰাইজে সময়ে সময়ে অতি নিম্নমানৰ কাম কৰাৰো অভিযোগ তুলিও কাম বন্ধ কৰি দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইপিনে পথটো নিৰ্মাণৰ বাবে প্ৰয়োজন শিল-বালি শুৱাগপুৰৰ পৰা সংগ্ৰহ কৰাৰ অনুমতি লাভ কৰে ঠিকাদাৰজনে। ইয়াৰ সুবাদতে ঠিকাদাৰজনে ৪ নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে কাষতে প্ৰায় ১৫ বিঘা মাটিত স্থাপন কৰে ক্ৰেছাৰ আৰু হাপাৰ মেচিন। ইয়াৰ পিছৰে পৰা দিনে-নিশাই শিল ভঙা কাম চলাই গৈছে।
ইপিনে ঠিকাদাৰজনে শিল-বালিৰ ৰাজহ ফাঁকিৰে বন বিভাগ-ৰাইজৰ চকুত ধূলি দি আহিছে। ছাত্ৰ সংগঠন দুটাই বিধায়ক কেইজনক শীঘ্ৰে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ জানিব পৰা মতে, বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত অসম বিধান সভাৰবিধায়ক তপন কুমাৰ গগৈ, ৰমেন্দ্ৰ নাৰায়ম কলিতা, ৰাজদ্বীপ গোৱালা, হাফিজ বছিৰ আহমেদ কাছিমি, উৎপল দত্ত, ৰবিৰাম বড়ো, ৱাজেদ আলী চৌধুৰীয়ে গোৰেশ্বৰৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰে৷

গোৰেশ্বৰৰ কেলেংচক, বৰফুকনখাট, বগামাটি, দলংদিয়া আদি ঠাইৰ চৰকাৰৰ বিভিন্ন আঁচনি পৰিদৰ্শন কৰি আঁচৰিত হৈ পৰে৷ কোটি কোটি টকা খৰছ কৰাৰ পিছতো জলসিঞ্চন আঁচনি, বিশুদ্ধ পানী যোগান আঁচনি, গড়কাপ্তানি বিভাগৰ কাম-কাজত বিফল ছবি এখন দেখা পোৱা বুলি জানিব পৰা গৈছে৷আনহাতে বিধায়কৰ দলটোৱে বগামাটিলৈ আঁচনি পৰিদৰ্শন কৰিব যোৱা কালত শুৱাগপুৰত ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ অস্থায়ী কাৰ্যালয়ত বহু সময় বহি ফল-মুল খোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিধায়কৰ দলটোক পুৱাই গোৰেশ্বৰত আছু-আক্ৰাছুৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে।