
মাৰ্ঘেৰিটাঃ এখন জিলাৰ নাগৰিকে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ জিলা খনত ইচ্ছা গলেই উগ্ৰপন্থীয়ে মানুহক গুলীয়াই হত্যা কৰিব পাৰে, অপহৰণ কৰিব পাৰে, ৰাজ পথত গাড়ী জ্বলাই উগ্ৰপন্থীয়ে নিৰ্বেঘ্নে আতৰি যাব পাৰে৷ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত কৰি গৈছে৷ হয়, তিনিচুকীয়া জিলাৰ কথাকে কৈছে৷

১১ ডিচেম্বৰত আলফা(স্বা)ৰ দ্বাৰা সংঘটিত ডিৰাক সোণজান শিমলুগুৰিৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আলফাই(স্বা) তিনিচুকীয়া জিলাৰ জাগুনৰ সমাজকৰ্মী তথা ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক অপহৰণ কৰিছিল৷ যোৱা ২৮ নৱেম্বৰত ANE মাইনিং নামৰ কোম্পানীটোত NSCN-এ ভয়াবহ আক্ৰমণ চলাই ৫ খনকৈ গাড়ী জ্বলাই দিছিল৷

তাৰ মাজতে, যোৱা ১৬ জানুৱাৰীত তথা প্ৰায় ২৫ ঘন্টা পূৰ্বে সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ ভয়ংকৰ আক্ৰমণত মঙলবাৰে নিশা কপি উঠিল তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্ত নামচিক৷ পুনৰ এই ঘটনাৰ ফলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ সময়তে খাৰচাঙৰ পৰা ডিগবৈ শোধানাগাৰলৈ খাৰুৱা তেল কঢ়িওৱা প্ৰায় ৮ খনকৈ তেলৰ টেংকাৰত আক্ৰমণ কৰে সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনৰ প্ৰায় ৪০ জনীয়া এটা দলে৷

অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত দলটোৱে চালকক আতৰাই অগ্নিনিক্ষেপ কৰে টেংকাৰ কেইখনত৷ ফলত প্ৰায় ৮ খনকৈ তেলৰ টেংকাৰ ভস্মীভূত হয়৷ অসম অৰুণাচল সীমান্তত জাগুণত সন্দেহজনক আলফা স্বাধীন আৰু এনএছচিএনে ভয়াবহ আক্ৰমণৰ ঘটনাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে আজিও আতংকই বিৰাজ কৰি আছে অঞ্চলটোত৷

প্ৰায় ৮ খনকৈ তেলৰ টেংকাৰ দাউ দাউকৈ জ্বলি থকাৰ সময়ত কোনোও ওচৰলৈ আহিবলৈ সাহস কৰা নাছিল যদিওঁ পাছত বহু পলমকৈ দুলীয়াজানৰ পৰা অহা কেবাখনো অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নোমোৱাবলৈ সক্ষম হয়৷

উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আলফা স্বাধীন আৰু এনএছচি এনে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ যোৱা ২৮ নৱেম্বৰত লিডুত ৫ খনকৈ বিলাসী গাড়ীত অগ্নিসংযোগ কৰে এনএছচিএনে৷ ইপিনে ঘটনাৰ বুজ লবলৈ বুধবাৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত হৈ প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়৷ বিধায়ক ভাস্কৰ শৰ্মাই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷